আমেৰিকাৰ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য অভাৱনীয় হাৰত পতন ঘটাৰ ধাৰা অব্যাহত আছে। আজি ভাৰতীয় টকাৰ মূল্য ইতিহাসৰ সৰ্বকালৰ সৰ্বনিম্ন স্তৰত উপনীত হৈছে। প্ৰতি এক ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন স্তৰ ৯৩.২৪ টকা হৈছে। তেল আমদানিৰ ব্যয় বৃদ্ধি আৰু বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় বজাৰৰ পৰা অবিৰতভাৱে ধন উলিওৱাৰ বাবেই টকাৰ এই পতন ঘটিছে। ভাৰতীয় টকাৰ পতনৰ মূল কাৰণৰূপে চিহ্নিত হৈছে মধ্য প্ৰাচ্যৰ যুদ্ধৰ ফলত খাৰুৱা তেলৰ মূল্যবৃদ্ধি। উপসাগৰীয় দেশসমূহত শক্তি প্ৰকল্পত ইৰানে আক্ৰমণ চলোৱাৰ পিছত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১১০ ডলাৰ অতিক্ৰম কৰিছে।
ভাৰতে নিজৰ তেল প্ৰয়োজনীয় ৮৫ শতাংশ আমদানি কৰে, যাৰ বাবে ভাৰতে ডলাৰত ধন দিয়ে। তেলৰ মূল্যবৃদ্ধিয়ে ডলাৰৰ চাহিদা বৃদ্ধি কৰি টকাক দুৰ্বল কৰি তুলিছে। আনহাতে, বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে মাৰ্চ মাহত এতিয়ালৈকে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা প্ৰায় ৮ বিলিয়ন ডলাৰ (প্ৰায় ৮৩,০০০ কোটি ) উলিয়াই নিছে। বিশ্বৰ অনিশ্চয়তা আৰু যুদ্ধৰ আশংকাই বিদেশী বিনিয়োগকাৰীক ভাৰতৰ দৰে উদীয়মান বজাৰৰ পৰা ধন উলিয়াই আমেৰিকাৰ বণ্ডৰ দৰে নিৰাপদ আশ্ৰয়স্থলত বিনিয়োগ কৰিবলৈ প্ৰেৰণা যোগাইছে।
এই কাৰ্যই ভাৰতীয় টকাৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰিছে। ইফালে বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে যেতিয়ালৈ মধ্য প্ৰাচ্যত যুদ্ধ অব্যাহত থাকিব তেতিয়ালৈ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য উঠা-নমা হৈ থাকিব। কিয়নো যুদ্ধৰ ফলত ইৰানে হৰমুজ প্ৰণালী বন্ধ কৰি ৰাখিছে। হৰমুজ প্ৰণালী হৈছে সেই সাগৰীয় পথ যাৰ মাজেৰে বিশ্বৰ ২০ শতাংশ তেল আৰু ভাৰতৰ প্ৰায় আধা তেল আমদানি হয়।
