অৱশেষত ঘোষণা হ’ল অসম গণ পৰিষদৰ (অগপ) ২৬ জনীয়া চূড়ান্ত প্ৰাৰ্থী তালিকা। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা এই তালিকাত আঞ্চলিক দলটোৱে ১৩ গৰাকীকৈ সংখ্যালঘু প্ৰাৰ্থীক স্থান দিয়া বিষয়টোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। বিশেষকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হোৱা ঐতিহাসিক অসম আন্দোলনৰ পৰা জন্ম লাভ কৰা এটা দলৰ এনে পৰিৱৰ্তিত কৌশলে ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ সূচনা কৰিছে।
দলৰ সভাপতি অতুল বৰাই বোকাখাত সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে জ্যেষ্ঠ নেতা কেশৱ মহন্তই কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। মহিলাৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দি দলটোৱে বঙাইগাঁও সমষ্টিৰ বাবে দীপ্তিময়ী চৌধুৰীৰ নাম চূড়ান্ত কৰিছে।
ইফালে বৰপেটাৰ পৰা দীপক কুমাৰ দাস, টীয়কৰ পৰা বিকাশ শইকীয়া, ডিমৰীয়াৰ পৰা ড° তপন দাস আৰু তেজপুৰৰ পৰা পৃথ্বীৰাজ ৰাভাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। এই তালিকাত কৰিম উদ্দিন বৰভূঞা (সোণাই), ইকবাল হুছেইন (দক্ষিণ কৰিমগঞ্জ), জাবেদ ইছলাম (মানকাচৰ) আৰু আব্দুল ৰহিম জিব্ৰানৰ (পূব গোৱালপাৰা) দৰে সংখ্যালঘু নেতাসকলকো স্থান দিয়া হৈছে।
তদুপৰি আলগাপুৰ-কাটলিচেৰাত জাকিৰ হুছেইন লস্কৰ, বিন্নাকান্দিত চাহাবুদ্দিন মজুমদাৰ, ৰূপহীহাটত জাকিৰ হুছেইন ফাৰাজী আৰু সৃজনগ্ৰামত চাহিদুল ইছলামে অগপৰ হৈ নিৰ্বাচন খেলিব। একেদৰে লাহৰীঘাট, চেঙা, পাকা বেতবাৰী, চৰিয়া আৰু জলেশ্বৰৰ দৰে সমষ্টিতো সংখ্যালঘু প্ৰাৰ্থীক অগপই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰিছে। নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক দলটোৰ এই নতুন ৰাজনৈতিক সমীকৰণে ৰাজ্যৰ সংখ্যালঘু প্ৰধান অঞ্চলসমূহত কেনে প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।
