কংগ্ৰেছৰ এগৰাকী শক্তিশালী তথা জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগে জোঁকাৰণি তুলিছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত ৷ মঙলবাৰে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত বুধবাৰে নতুন দিল্লীত বিজেপিত যোগদান কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে ৷
তাৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দৰেই দেৱব্ৰত শইকীয়াই প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেৱব্ৰত শইকীয়াও বিজেপিলৈ আহিব বুলি কৰা এক মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেতাগৰাকীয়ে ৷ তেওঁ কয়, ‘‘মোৰ ক্ষেত্ৰতো বহু কথা ওলাই আছে, মুখ্যমন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰি আছে বুলি মই শুনা পাইছোঁ ৷ বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ আদৰ্শ মই কেতিয়াও গ্ৰহণ নকৰোঁ ৷ মই মোৰ পিতৃ-মাতৃৰ আদৰ্শৰে কলেজীয়া দিনৰ পৰাই কংগ্ৰেছত আছোঁ আৰু এই আদৰ্শত অবিচল হৈ থাকিম ৷ দলত্যাগৰ কথা বিভিন্নজনে বিভিন্ন মাধ্যমত কৈ আছে, সেয়া খুবেই দুৰ্ভাগ্যজনক ৷ মই কেতিয়াও এনে কথা ভবা নাই ৷ আমাৰ দলৰ কৰ্মীক হতাশ কৰিবলৈ এয়া অপচেষ্টা ৷ মই বিজেপিৰ দৰে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সংবিধান সংশোধন কৰিব খোজা এটা দলৰ প্ৰতি কেতিয়াও সমৰ্থন আগনবঢ়াওঁ ৷’’
