জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰৰ বাবে ফাষ্ট ট্ৰেক ক’ৰ্ট গঠন; গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পদক্ষেপক আদৰণি মুখ্যমন্ত্ৰীৰ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ এতিয়া ন্যায়িক প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ হৈ উঠিছে। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই হত্যাকাণ্ডৰ বিচাৰৰ বাবে এখন বিশেষ ফাষ্ট ট্ৰেক ছেচন ক’ৰ্ট গঠন কৰে। ৰাজ্য চৰকাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই উচ্চ ন্যায়ালয়ে প্ৰতিদিনে এই গোচৰৰ শুনানি গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণাৰ বিষয়ে সদৰি কৰি কয়, “আমাৰ মৰমৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় প্ৰাপ্তিৰ দিশত আজি এক ঐতিহাসিক দিন।”

তেওঁ লগতে কয়, “গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে এই বিশেষ আদালত পৰিচালনাৰ বাবে বৰ্তমান বাক্সা জিলাৰ ন্যায়াধীশ হিচাপে কৰ্মৰত শৰ্মিলা ভূঞাক মনোনীত কৰিছে। এই পদক্ষেপে ন্যায়িক প্ৰক্ৰিয়াৰ গতি বৃদ্ধি কৰিব আৰু সময়মতে ন্যায় প্ৰদানৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিক অধিক শক্তিশালী কৰিব।”

উল্লেখ্য যে যোৱা বৰ্ষৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ আকস্মিক মৃত্যু হৈছিল। প্ৰথম অৱস্থাত ইয়াক দুৰ্ঘটনা বুলি কোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰাৰ পাছতে চিআইডিৰ অধীনত এক বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। এই গোচৰত ইতিমধ্যে শিল্পীগৰাকীৰ এজন ভাতৃ আৰু এজন আৰক্ষী বিষয়াকে ধৰি সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বিগত জানুৱাৰী মাহত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি এই সন্দৰ্ভত এক বিশেষ আদালত গঠনৰ দাবী জনাইছিল। ১২ হাজাৰ পৃষ্ঠাৰ বিশাল অভিযোগনামা দাখিল কৰা এই স্পৰ্শকাতৰ গোচৰটোৰ বাবে চৰকাৰে এগৰাকী বিশেষ চৰকাৰী অধিবক্তাও নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এতিয়া ফাষ্ট ট্ৰেক ক’ৰ্টৰ গঠনৰ পাছত জুবিন অনুৰাগীসকলে সোনকালে ন্যায় লাভৰ আশা প্ৰকাশ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *