ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এল ২০২৬ৰ উদ্বোধনী মেচসমূহৰ অন্তৱৰ্তীকালীন অধিনায়ক হিচাপে ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঈশান কিষানক নিযুক্তি দিয়ে আৰু অভিষেক শৰ্মাক উপ-অধিনায়ক হিচাপে দায়িত্ব দিয়ে। এই সিদ্ধান্ত এইবাবে লোৱা হৈছে কাৰণ নিয়মীয়া অধিনায়ক পেট কামিন্স আঘাতৰ পৰা সুস্থ হৈ উঠা নাই। পিঠিৰ তলৰ অংশৰ আঘাতৰ বাবে দলৰ পৰা আঁতৰি আছে কামিন্স। এই একেটা আঘাতৰ বাবেই তেওঁক যোৱা এছেছ ছিৰিজ আৰু টি-২০ বিশ্বকাপৰ বেছিভাগ খেলতে খেলিব পৰা নাছিল। ছ’চিয়েল মিডিয়াত ফ্ৰেঞ্চাইজিটোৱে ঘোষণা কৰে যে আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ নুঠাৰ বাবে পেট কামিন্সে কেইখনমান মেচ খেলিব নোৱাৰিব।
সুস্থ নোহোৱালৈকে ঈশান কিষাণ অধিনায়ক আৰু অভিষেক শৰ্মা উপ অধিনায়ক হিচাপে থাকিব। অৱশ্যে ২০১৬ চনৰ আই পি এল বিজয়ী ছানৰাইজাৰ্ছ হায়দৰাবাদে কামিন্সে কিমান মেচ খেলিব নোৱাৰিব সেই কথা উল্লেখ কৰা নাই। সকলো ফৰ্মেটতে তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত ছানৰাইজাৰ্ছে ঈশানক ষ্টেণ্ড ইন অধিনায়ক হিচাপে নিযুক্তি দিছে। বাওঁহাতৰ বেটছমেনগৰাকীয়ে টি-২০ বিশ্বকাপত ভাৰতে খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৯.৩৭ ষ্ট্ৰাইক ৰেটত ৯খন মেচত ৩১৭ ৰান সংগ্ৰহ কৰি তেওঁ প্ৰতিযোগিতাখনৰ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।
তেওঁ গড়ে ৮০.২৫ ৰান কৰি তিনিটা অৰ্ধশতক অৰ্জন কৰে। তেওঁৰ আকৰ্ষণীয় বেটিং প্ৰদৰ্শনৰ বাবে অভিষেকৰ হাতত থকা আই চি চি টি-২০ আন্তঃৰাষ্ট্ৰীয় বেটিং ৰেংকিঙত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ঈশানে। চলিত ছিজনৰ আৰম্ভণিতে ঈশানে ঝাৰখণ্ড দলৰ অধিনায়কত্ব কৰি ভাৰতৰ প্ৰিমিয়াৰ ঘৰুৱা টি-২০ প্ৰতিযোগিতা চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীত প্ৰথম খিতাপ দখল কৰিছিল।
