বৈদ্যুতিক বাহনৰ পৰা ভয়ংকৰ অগ্নিকাণ্ড; ইন্দোৰত ৮ গৰাকী লোকৰ কৰুণ মৃত্যু

চাৰ্জিঙত থকা এখন বৈদ্যুতিক বাহনৰ পৰাই সূত্ৰপাত হ’ল এক ভয়ংকৰ কৰুণ পৰিণতিৰ। বুধবাৰে পুৱা প্ৰায় ৩:৩০ বজাত মধ্যপ্ৰদেশৰ ইন্দোৰৰ বৃজেশ্বৰী অঞ্চলত জুইৰ পৰা সৃষ্টি হোৱা এই মৰ্মান্তিক দুৰ্ঘটনাই কাঢ়ি লৈ যায় ৮ গৰাকী লোকৰ প্ৰাণ।

অট্টালিকাটোৰ তলত বাহনখন চাৰ্জিঙত থকা অৱস্থাতে হঠাতে হোৱা শ্বৰ্ট চাৰ্কিটৰ বাবেই এই জুইৰ সৃষ্টি হয়। মুহূৰ্তৰ ভিতৰতে জুয়ে তিনিমহলীয়া অট্টালিকাটোক আৱৰি ধৰাৰ ফলত টোপনিৰ জালতে পৰিয়ালৰ সদস্যসকল ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰে। ইফালে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ ফলত বাসগৃহটোৰ বৈদ্যুতিক তলা সংযোগী দুৱাৰ খুলিব নোৱাৰি কেইবাগৰাকীও লোকে ঘৰৰ ভিতৰতে মৃত্যুক আঁকোৱালি লয়।

এই দুৰ্ঘটনাত বিজয় ছেঠিয়া আৰু সৌৰভ পুগালিয়াৰ পৰিয়ালৰ সদস্যসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। জুইৰ মাজতে ঘৰৰ ভিতৰত থকা কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে। লক্ষণীয়ভাৱে, তিনিগৰাকী সদস্যই গ্ৰীল ভাঙি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও পৰিয়ালটোৰ আন কেইবাজনো সদস্য বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে।

এই মৰ্মান্তিক ঘটনাৰ পিছতে বৈদ্যুতিক বাহনৰ সুৰক্ষাক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন হৈছে। ৰাজ্যিক নগৰ প্ৰশাসন মন্ত্ৰী কৈলাশ বিজয়বৰ্গিয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি সমগ্ৰ ঘটনাৰ বিশেষজ্ঞ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে। আনহাতে ইভি উদ্যোগৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰকৃত বাস্তৱতা নিৰ্ণয়ৰ বাবে চৰকাৰে অতি শীঘ্ৰেই এক নতুন এছ অ’ পি প্ৰস্তুত কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *