আধৰুৱা ৰৈ ৰ’ল উচ্চ শিক্ষাৰ স্বপ্ন! কানাডাত দুই ছাত্ৰ গোটৰ সংঘৰ্ষত মৃত্যু ভাৰতীয় যুৱকৰ

বিদেশৰ মাটিত দুই যুৱকৰ গোটৰ মাজত সৃষ্টি হোৱা এক হিংসাত্মক সংঘৰ্ষত প্ৰাণ গ’ল এজন ভাৰতীয় ছাত্ৰৰ। যোৱা ১৪ মাৰ্চত কানাডাৰ ব্ৰিটিছ কলম্বিয়াত ২৬ বছৰীয়া গুৰকিৰাট মনোচা নামৰ শিখ ছাত্ৰজনৰ ওপৰত চলোৱা হয় এই মৰ্মান্তিক আক্ৰমণ।

উজ্জয়িনীৰ পৰা প্ৰায় ১৫ মাহ পূৰ্বে উচ্চ শিক্ষাৰ বাবে কানাডালৈ যোৱা গুৰকিৰাটে নৰ্ডান লাইটছ কলেজত বিজনেছ মেনেজমেণ্টৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, চাৰ্লি লেকৰ সমীপত একাংশ যুৱকৰ সৈতে হোৱা বিবাদৰ পৰিণতিতে তেওঁক আক্ৰমণ কৰা হয়। উল্লেখযোগ্য যে সমগ্ৰ ঘটনাটো বৰ্তমান কানাডা আৰক্ষীৰ তদন্তাধীন হৈ আছে আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি তেওঁৰ পিতৃ গুৰজিৎ সিঙে প্ৰকাশ কৰিছে।

ইফালে মৃতদেহটো ভাৰতলৈ ঘূৰাই আনি শেষ কৃত্য সম্পন্ন কৰিবলৈ পৰিয়ালটোৱে চৰকাৰৰ সহায় বিচাৰিছে। এই সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শোকসন্তপ্ত পৰিয়ালটোক সাক্ষাৎ কৰি চৰকাৰী সাহায্যৰ আশ্বাস প্ৰদান কৰিছে। তেওঁ কয়, “গুৰকিৰাটৰ মৃতদেহ ভাৰতলৈ অনা আৰু শেষ কৃত্য সম্পন্ন কৰাৰ যাৱতীয় সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিছে।”

অন্যহাতে এজন সম্ভাৱনাপূৰ্ণ যুৱকৰ এনে বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। চৰকাৰে অতি সোনকালে যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি মৃতদেহটো স্বদেশলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে। বৰ্তমান কানাডাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত ধাৰাবাহিক যোগাযোগ অব্যাহত আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *