অহা ৩১ মাৰ্চৰ পূৰ্বে যানবাহনৰ যাবতীয় কৰ পৰিশোধ কৰিবলৈ বাহনৰ গৰাকীক আহ্বান জনাইছে পৰিবহন বিভাগ। তদুপৰি যান বাহনৰ নথি-পত্ৰৰ সকলো বিসংগতি দূৰ কৰি নিজৰ মৰম বাহনখন সুৰক্ষিত কৰি ৰখাৰ লগতে সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ প্ৰতিজন বাহনৰ গৰাকীক আহ্বান জনাইছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে বাহনৰ গৰাকীকয়ে পথকৰৰ লগতে যাৱতীয় বকেয়া কৰসমূহ শীঘ্ৰে পৰিশোধ কৰিব লাগিব। যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰখাটো কেৱল চৰকাৰী নিয়মেই নহয়, ই এগৰাকী সচেতন নাগৰিকৰ সামাজিক দায়বদ্ধতাৰ পৰিচয়। নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কৰ পৰিশোধ নকৰিলে বাহনৰ ফিটনেছ চাৰ্টিফিকেট বা অন্যান্য নথিপত্ৰ নবীকৰণ কৰা অসম্ভৱ। ফলত সেই বাহনখন পথত চলাচলৰ ক্ষেত্ৰত আইনী বৈধতা হেৰুৱাই আৰু বাহনৰ গৰাকী বিপাঙত পৰে।
যদিহে কৰ পৰিশোধ নকৰাৰ বাবে বাহনৰ নথিপত্ৰৰ ম্যাদ উকলি যায়, তেন্তে দুৰ্ঘটনাবশতঃ কিবা ক্ষয়ক্ষতি হ’লেও চৰকাৰ অথবা বীমা কোম্পানীৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ নাপায়। তেওঁ আৰু কয় যে যিহেতু বাহনৰ গৰাকীয়ে আদায় দিয়া ধন ৰাশি দেশৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক কামত ব্যৱহাৰ হয়। গতিকে সময়মতে কৰ দিয়াটো দায়িত্বশীলতাৰ পৰিচয়ৰ লগতে দেশপ্ৰেমৰেই এটা অংশ স্বৰূপে বিবেচিত হয়৷ সেয়ে নিৰ্ধাৰিত সময়তবাহনৰকৰ পৰিশোধ নকৰিলে জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। সেয়ে অনতিপলমে কৰ আদায় দিয়াটো বুদ্ধিমানৰ কাম।
এনেক্ষেত্ৰত জ্যেষ্ঠ পৰিবহণ বিষয়া গৰাকীয়ে ব্যক্তিগত বাহনকে ধৰি বাণিজ্যিক তথা উদ্যোগ-প্ৰতিষ্ঠান, বহুজাতিক কোম্পানীত ব্যবহৃত সকলো শ্ৰেণীৰ বাহনৰ গৰাকীক অনতিপলমে বকেয়াসহ সমুদায় কৰ আদায় দি বাহনসমূহ সকলো ফালৰ পৰা সক্ষম কৰি ৰাখি পথত সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাত সহযোগিতাৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ কৰিছে। অন্যহাতে নিজৰ মৰমৰ বখহনখনে যাতে নিজৰ লগতে আনৰ অনাকাংশিত বিপদ মাতি আনিব নোৱাৰে তাৰ বাবে প্ৰতি গৰাকী যানবাহনৰ গৰাকীক সতৰ্ক হোৱাৰ ওপৰি দেশৰ তথা ৰাজ্যৰ উন্নয়ন আৰু সুৰক্ষিত যাতায়তৰ স্বাৰ্থত ৩১ মাৰ্চৰ ভিতৰত যাবতীয় কৰ আদায় দিবলৈ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে আহ্বান জনায়।
