নিষিদ্ধ সংগঠনৰ তিনি সদস্য আটক; মণিপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ

অশান্তজৰ্জৰ মণিপুৰত অব্যাহত আছে নিৰাপত্তা বাহিনীৰ উগ্ৰপন্থী বিৰোধী ধাৰাবাহিক অভিযান। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলোৱা এই অভিযানত তিনিজন নিষিদ্ধ সংগঠনৰ সক্ৰিয় সদস্যক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে।

কাকচিং জিলাৰ চুগনু থানাৰ অন্তৰ্গত চিংটম অঞ্চলৰ পৰা ৰিপাব্লিকান পিপলছ ফ্ৰণ্টৰ এজন সক্ৰিয় সদস্যক আৰক্ষীয়ে কৰায়ত্ত কৰে। হিয়াংলাম মাখা লৈকাইৰ বাসিন্দা ২১ বছৰীয়া ইলাংবাম অবিনাশ ওৰফে ৰাকেশ নামৰ এই সদস্যজনে অঞ্চলটোত বিভিন্ন বিদ্ৰোহী কাৰ্যকলাপত লিপ্ত থকাৰ সন্দেহ কৰিছে নিৰাপত্তা বাহিনীয়ে। ইফালে ইম্ফল পূব জিলাৰ ইৰিলবাং থানাৰ সমীপৰ পৰা মুতুম ৰঞ্জন সিং ওৰফে মংগল নামৰ এজন ৪৬ বছৰীয়া কাংলেপাক কমিউনিষ্ট পাৰ্টিৰ সদস্যক আটক কৰা হয়। আৰক্ষীয়ে অভিযুক্তজনৰ পৰা এটা মোবাইল ফোন আৰু এখন স্কুটী জব্দ কৰিছে।

তদুপৰি ইম্ফল পশ্চিম জিলাৰ চিঞ্জামেই থানাৰ অন্তৰ্গত কাঞ্চীপুৰ অঞ্চলৰ পৰা প্ৰেপাক (প্ৰ’)ৰ আন এজন সক্ৰিয় সদস্য তাওৰেম অৰুণকুমাৰ সিঙক নিৰাপত্তা বাহিনীয়ে কৰায়ত্ত কৰে। ৩২ বছৰীয়া অৰুণকুমাৰ ইম্ফল পূব জিলাৰ চানাম সান্দ্ৰোক মাখা লৈকাইৰ বাসিন্দা বুলি চিনাক্ত কৰাৰ লগতে তেওঁৰ পৰা এটা মোবাইল ফোন আৰু আধাৰ কাৰ্ড উদ্ধাৰ কৰে। অন্যহাতে বিষ্ণুপুৰ জিলাৰ কেইবুল লামজাও থানাৰ অধীনস্থ ইথিং মামাং খেলপথাৰ অঞ্চলত চলোৱা আন এক পৃথক অভিযানত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে।

অভিযানকাৰী দলে উক্ত স্থানৰ পৰা এটা .৩০৩ ৰাইফল, এটা .৩২ মিমি পিষ্টল, এটা ৩৬ নম্বৰৰ হেণ্ড গ্ৰেনেড, এটা স্থানীয়ভাৱে নিৰ্মিত বোমা আৰু ১২ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে। উল্লেখযোগ্য যে ১৫ টা ইনচাছৰ খালী কাৰ্টিজ আৰু এখন বুলেটপ্ৰুফ প্লেটো উক্ত স্থানত উদ্ধাৰ হৈছে। বৰ্তমান ধৃত কেডাৰ কেইজনক অধিক সোধপোছৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *