বিধানসভা নিৰ্বাচনৰ পূৰ্বেই খহিছে কংগ্ৰেছৰ দুৰ্গ। প্ৰদেশ কংগ্ৰেছত শেহতীয়াকৈ উঠা পদত্যাগৰ জোৱাৰৰ মাজতে এইবাৰ কংগ্ৰেছ এৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও। মঙলবাৰে লোকসভাৰ সাংসদগৰাকীয়ে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতিৰ ওচৰলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলটোৰ সৈতে থকা সুদীৰ্ঘদিনীয়া সম্পৰ্কৰ অন্ত পেলায়।
উল্লেখ্য যে, দলৰ ভিতৰচ’ৰাৰ তীব্ৰ মতানৈক্য আৰু ধাৰাবাহিক অপমান সহ্য কৰিব নোৱাৰিয়েই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। বিশেষকৈ অসম কংগ্ৰেছৰ মজিয়াত তেওঁক বাৰে বাৰে উপেক্ষা আৰু ইতিকিং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। তেওঁৰ মতে, দলৰ নেতৃত্বই তেওঁৰ প্ৰতি কোনো সহানুভূতি প্ৰদৰ্শন নকৰাৰ ফলত তেওঁ চৰম অকলশৰীয়া অনুভৱ কৰিছিল।
ইফালে, নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে এজনৰ পাছত আন এজন জ্যেষ্ঠ নেতাৰ বহির্গমনে দলটোৰ সাংগঠনিক ভেটিত এক ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। নিজৰ ভৱিষ্যৎ ৰাজনৈতিক পৰিকল্পনাৰ বিষয়ে বৰদলৈয়ে এতিয়ালৈকে একো স্পষ্ট কৰা নাই যদিও এই পদত্যাগে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ প্ৰস্তুতিত মোক্ষম আঘাত হানিব বুলি চৰ্চা চলিছে।
