অসম বিধানসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণৰ বাবে দেশৰ ৰাজধানীত মঙলবাৰে অনুষ্ঠিত হৈছে এক বিশেষ বৈঠক। ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় বোৰ্ডৰ এই উচ্চস্তৰীয় বৈঠকত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গেৰুৱা দলটোৱে নিজৰ সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰিবলৈ এইদৰে তৎপৰতা বৃদ্ধি কৰিছে।
দলীয় সূত্ৰই জনোৱা অনুসৰি, এই গুৰুত্বপূৰ্ণ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত আছে। প্ৰতিটো সমষ্টিৰ সামগ্ৰিক পৰিস্থিতি আৰু দলীয় সমীক্ষাৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থীৰ নামসমূহৰ ওপৰত অন্তিম মোহৰ মৰা হ’ব। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে হোৱা এই আলোচনাৰ পাছতেই বুধবাৰে সকলো ১২৬ টা সমষ্টিৰ বাবে চূড়ান্ত প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে।
ইফালে, নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই বিজেপিৰ এনে তৎপৰতাই ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা লাভ কৰিছে। বিৰোধী দলসমূহেও নিজাকৈ প্ৰস্তুতি চলাই থকাৰ মাজতে শাসনাধিষ্ঠিত দলটোৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰি আগতীয়াকৈ নিৰ্বাচনী প্ৰচাৰত গতি দিব বিচাৰিছে। বুধবাৰে ঘোষণা হ’বলগীয়া এই তালিকাত বহু পুৰণি মুখৰ লগতে কেইবাগৰাকীও নতুন মুখৰ অন্তৰ্ভুক্তি ঘটাৰো সম্ভাৱনা ব্যক্ত কৰিছে একাংশ বিশেষজ্ঞই।
