উত্তৰ জালুকবাৰীৰ ভিক্টোৰিয়া ইংলিছ মিডিয়াম হাইস্কুলত এ এল এম এছৰ উদ্যোগত বৃহৎ ইফটাৰ পাৰ্টি

বিশ্বৰ ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ  লগত সংগতি ৰাখি প্ৰাক ক্ষণত অনা চৰকাৰী সংস্থা এ এল এম এছৰ উদ্যোগত বিগত বৰ্ষৰ দৰে উত্তৰ জালুকবাৰীৰ ভিক্টোৰিয়া ইংলিছ মিডিয়াম হাইস্কুল প্ৰাঙ্গনত  এক বৃহৎ ইফতাৰ পাৰ্টীৰ আয়োজন কৰা হয় । ইফটাৰ পাৰ্টিত বৃহত্তৰ জালুকবাৰীৰ উপৰিও  মালিগাওঁ, গাড়ীগাওঁ আদি অঞ্চলৰ পুৰুষ – মহিলা নিৰ্বিশেষে প্ৰায় ৫০০ জন লোকে  অংশগ্ৰহণ কৰে।

এই উপলক্ষে এ এল এম এছৰ সভাপতি অধিবক্তা খোৱাজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সম্পাদক হাফিজুৰ ৰহমানে  উদ্দেশ্য ব্যাখ্যা কৰে।  সভাত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধক্ষ্য হাচমত আলী, অধিবক্তা জ্যোস্না আলী , অধিবক্তা খলিলুৰ ৰহমান ,  ভিক্টোৰিয়া ইংলিছ মিডিয়াম হাইস্কুলৰ অধ্যক্ষ মফতাজুদ্দিন আহমেদ , আসাম এথলেটিক এচোছিয়েশ্যনৰ টেকনিকেল কমিটীৰ সভাপতি চৰিফ উল্লাহ আলীকে ধৰি কেবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ  কৰে।

উল্লেখ্য যে জন্মলগ্নৰে এ এল এম এছে জাকাত সংগ্ৰহ কৰি উপযুক্ত ব্যক্তি তথা অনুষ্ঠানক বিতৰণ কৰি সমাজত অৰ্থনৈতিক সমতা স্থাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। সভাৰ অন্তত  শান্তি, ঐক্য ও ভাত্বৃত্যবোধৰ বাবে সামুহিক দোৱা কৰা হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *