অৰণ্যৰ বুকুত খোদিত হ’ল হাৰ্টথ্ৰৱৰ নাম! ৰাজ্যৰ গৱেষকে মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ কৰা এক নতুন উদ্ভিদৰ নাম প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰিছে ‘অছবেকিয়া জুবিনগাৰ্গিয়ানা’।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ তিনিগৰাকী গৱেষক ক্ৰমে বৰ্ণালী দাস, প্ৰশোব পুলপ্ৰা আৰু নমিতা নাথে ২০২৫ চনলৈ চলোৱা এক দীৰ্ঘদিনীয়া অধ্যয়নৰ পাছত এই বিশেষ উদ্ভিদবিধ চিনাক্ত কৰিবলৈ সক্ষম হয়।
মেলাষ্টোমেটেচি পৰিয়ালৰ অন্তৰ্ভুক্ত এই উদ্ভিদবিধ প্ৰায় ৩.৫ মিটাৰ পৰ্যন্ত ওখ হোৱা এক থিয় গুল্মজাতীয় গছ। য’ত ফুলে এক অনন্য আকৰ্ষণৰ গোলাপী ফুল।
উল্লেখযোগ্য যে, অছবেকিয়া জুবিনগাৰ্গিয়ানা নামৰ এই উদ্ভিদবিধ অছবেকিয়া ৰোষ্ট্ৰাটাৰ সৈতে মিল থাকিলেও ইয়াৰ পাতৰ গঠন, ফুলৰ বিন্যাস আৰু বীজৰ আকাৰত স্পষ্ট পাৰ্থক্য আছে।
ইফালে এই উদ্ভিদবিধে ছেপ্তেম্বৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত ফুল আৰু ফল ধৰে। আনহাতে জুবিন গাৰ্গৰ সংগীত আৰু সাংস্কৃতিক অৱদানৰ উপৰি তেওঁৰ পৰিৱেশ প্ৰেমক এক অনন্য স্বীকৃতি প্ৰদানৰ উদ্দেশ্যেই গৱেষকসকলে এইদৰে নামকৰণ কৰে।
