আমেৰিকাৰ ওচৰত শীঘ্ৰেই শৰণাপন্ন হ’ব ইৰাণ! জি-৭ৰ বৈঠকত ট্ৰাম্পৰ বিস্ফোৰক ইংগিত

ইৰানৰ সামৰিক শক্তি আৰু অৰ্থনীতি বৰ্তমান ইমানেই থৰক-বৰক হৈ পৰিছে যে তেওঁলোকে যিকোনো মুহূৰ্ততে আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ব। এই বিস্ফোৰক দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বুধবাৰে জি-৭ ৰাষ্ট্ৰসমূহৰ এক ভাৰ্চুৱেল বৈঠকত অংশ লৈ ট্ৰাম্পে প্ৰকাশ কৰা এই চাঞ্চল্যকৰ তথ্যই এতিয়া আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক নতুন সমীকৰণৰ আগজাননী দিছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই দাবী সঁচা প্ৰমাণিত হ’লে মধ্য-প্ৰাচ্যৰ বহুদিনীয়া ৰক্তক্ষয়ী যুদ্ধই এক নাটকীয় মোৰ লোৱাটো নিশ্চিত হৈ পৰিছে।

সংবাদ সংস্থা ‘ৰয়টাৰ্ছ’ আৰু ‘এক্সিয়ছ’ৰ প্ৰতিবেদন অনুসৰি, ইৰানে বৰ্তমানৰ অৱস্থাত আলোচনাৰ মেজলৈ আহিবলৈ পাৰ্যমানে চেষ্টা চলাই থকা বুলি ট্ৰাম্পে বিশ্বৰ শক্তিধৰ দেশসমূহৰ নেতাসকলক অৱগত কৰে। আমেৰিকাৰ কঠোৰ নিষেধাজ্ঞা আৰু সামৰিক হেঁচাই তেহৰানক এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰা বুলিও বৈঠকত আলোচনা হয়। ট্ৰাম্পৰ এই মন্তব্যত যিদৰে এক বিৰাট দাবী লুকাই আছে, সেইদৰে ই ইৰানৰ ওপৰত এক মানসিক হেঁচা সৃষ্টিৰ কৌশল হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

বৈঠকখনত ট্ৰাম্পে নিজৰ আত্মবিশ্বাসেৰে কয়, “ইৰানে সোনকালেই আত্মসমৰ্পণ কৰিবলৈ ওলাইছে।” অৱশ্যে ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাষ্যৰ বিপৰীতে ইৰান চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ পোৱা নাই। হোৱাইট হাউচেও এই গোপন বৈঠকৰ কথা আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰাৰ পৰা বিৰত আছে। এফালে ট্ৰাম্পৰ আত্মবিশ্বাস আৰু আনফালে মধ্য-প্ৰাচ্যৰ ভয়াৱহ বাস্তৱ— এই দুই বিপৰীত মেৰুৰ মাজত ট্ৰাম্পৰ এই ‘বিস্ফোৰক’ ইংগিতে অনাগত দিনত যুদ্ধৰ গতি সঁচাকৈয়ে সলনি কৰিব নে নাই, সেয়াই এতিয়া ডাঙৰ প্ৰশ্ন।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *