প্ৰচণ্ড ধুমুহা বৰষুণ

বুধবাৰে নিশা প্ৰায় ১বজাৰ পৰা ৪ ঘন্টা ধৰি অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে নামৰূপ আৰু পাৰ্শ্বৱৰ্তী বহু অঞ্চলত।পশ্চিম দিশৰ পৰা প্ৰচণ্ড বেগত অহা ধুমুহা জাকৰ লগতে বিজুলী ধেৰেকনি আৰু প্ৰবল শিল বৰষুণত নামৰূপ আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলৰ বহু বাসগৃহৰ বিস্তৰ ক্ষতি সাধন হয় ৷আনহাতে নিশাৰ প্ৰচণ্ড ধুমুহাজাকে নামৰূপত এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰে ৷একাধিক ব্যৱসায়ীক প্ৰতিস্থানৰ হৰ্ডিং উৰুৱাই নিয়ে বতাহে ৷ চহৰখনৰ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহতে গছ বাগৰি পৰাৰ ফলত নামৰূপত বিদ্যুত সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। বিধ্বংসী ধুমুহাজাকত বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি পৰে আৰু বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। মূল পথ সমূহত গছ বাগৰি পৰাৰ ফলত যাতায়ত বন্ধ হৈ পৰাৰ লগতে যান বাহনসমূহ দীৰ্ঘ সময় ধৰি আৱদ্ধ হৈ ৰব লগা হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *