নলবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে । সোমবাৰে নিশা প্ৰায় ১২:৪৫ বজাত নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে তেওঁক আটক কৰে । মঙলবাৰে দিনৰভাগত আটক কৰা ১২ কংগ্ৰেছীৰ ভিতৰত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী শৰ্মাসহ ১১ গৰাৰীক আৰক্ষীয়ে মুকলি কৰি দিয়ে । অৱশ্য়ে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৰাগ চক্ৰৱৰ্তীক এতিয়াও মুকলি কৰি দিয়া নাই ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত কংগ্ৰেছ কৰ্মীক বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰা ঘটনাৰ ন্য়ায় বিচাৰি থানাত প্ৰতিবাদ কৰা সময়তেই আৰক্ষীয়ে তেওঁক আটক কৰে ।
কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে
