ৰাণীত চি আৰ পি এফৰ উদ্যোগত শিক্ষাৰ্থীক কম্পিউটাৰ প্ৰশিক্ষণ কাৰ্যসূচী

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মূখ্য কাৰ্যালয় চৌহদত  অঞ্চলটোৰ শিক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ আৰম্ভ কৰা হৈছে এক এমহীয়া কম্পিউটাৰ প্ৰশিক্ষণ কাৰ্যসূচী । বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে আৰম্ভ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাণী অঞ্চলৰ আৰ্থিক ভাবে দুখীয়া পৰিয়ালৰ ২৫ জন নিৰ্বাচিত শিক্ষাৰ্থীয়ে ভাগ লৈছে।  এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  চি আৰ পি এফৰ ১৭৫ বেটেলিয়নৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰসংগত কমাডেণ্ট  ৰাজীৱ কুমাৰ ঝাই বাহিনীটোৰ সামাজিক দ্বায়বদ্ধতা আৰু জনহিতকৰ কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰি কয় যে প্ৰতি বছৰে ১৭৫ বেটেলিয়ানৰ ফালৰ পৰা জনহিতকৰ কাৰ্যসূচীৰ অধীনত বৃহত্তৰ ৰাণী অঞ্চলত মহিলা – যুৱতীক আত্মনিৰ্ভৰশীল হবৰ বাবে চিলাই মেচিনৰ প্ৰশিক্ষণ আৰু বিতৰণ, বিদ্যালয়ৰ শ্ৰেণীকোঠা, শৌচাগাৰ, আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ আৰু  মেৰামতি কাৰ্য , বিদ্যুৎ সংযোগ বিহীন সীমান্তবৰ্তী অঞ্চলৰ ৰাইজৰ মাজত সৌৰশক্তি চালিত চাকি বিতৰণ , ক্রীড়া প্ৰতিভা বিকাশৰ বাবে  খেলৰ সামগ্ৰী  বিতৰণ, শিক্ষাৰ্থীৰ মাজত কিতাপ আৰু ষ্টেচনাৰী সামগ্ৰী বিতৰণ, দক্ষতা বিকাশ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে  ক’ছিং ক্লাছ,বিদ্যালয়ত শিক্ষাৰ্থীৰ বাবে   চাইকেল  শ্বেদ নিৰ্মাণ , যাত্রীৰ জিৰণি চৰা নিৰ্মাণ, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ঔষধ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে।

কম্পিউটাৰ  প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা শিক্ষাৰ্থীসকলে যাতে পাঠ্যক্ৰমটো ভালদৰে আয়ত্ব কৰিব পাৰে তাৰ বাবে তেওঁ আহ্বান জনায়। উল্লেখ্য যে এই  প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ত শিক্ষাৰ্থীসকলক  কম্পিউটাৰৰ মৌলিক দক্ষতা, এম এছ অফিচ, এম এছ এক্সেল, ডি টি পি, আৰু অন্যান্য গুৰুত্বপূৰ্ণ চফটৱেৰ শিকোৱা হ’ব । আনহাতে  উদ্বোধনী অনুষ্ঠানত ১৭৫ চি আৰ পি এফ  বেটেলিয়নৰ ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, ডেপুটী কমাণ্ডেণ্ট   বিৰাট কুমাৰ সিং, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে কেবাজনো বিষয়া আৰু জোৱান  উপস্থিত আছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *