ইজৰাইলত যুদ্ধৰ তীব্ৰ আশংকা ! দেশজুৰি ছাইৰেনৰ শব্দৰে জনতাক সতৰ্ক কৰিলে সামৰিক বাহিনীয়ে

চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে চলি থকা সংঘাতৰ মাজতে শনিবাৰে ইজৰাইলৰ আকাশ-বতাহ কঁপাই তুলিছে বিপদ সংকেত দিয়া ছাইৰেনৰ শব্দই। দেশখনৰ সামৰিক বাহিনীয়ে ইজৰাইল অভিমুখে মিছাইল নিক্ষেপ হোৱাৰ তীব্ৰ সম্ভাৱনা থকা বুলি এক জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰিছে। ইজৰাইলৰ প্ৰতিটো প্ৰান্ততে এই ‘প্ৰ’এক্টিভ এলাৰ্ট’ জাৰি কৰি চৰকাৰে সাধাৰণ জনতাক যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ দিছে।

সামৰিক সূত্ৰৰ মতে, দেশৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই আগতীয়া সাৱধানতা অৱলম্বন কৰা হৈছে। ইজৰাইলী সেনাই কয়, “ৰাষ্ট্ৰৰ দিশে মিছাইল আক্ৰমণৰ যি সম্ভাৱনা দেখা দিছে, তাৰ বাবে জনসাধাৰণক পূৰ্ব প্ৰস্তুতি চলাবলৈ এই সতৰ্কবাণী দিয়া হৈছে।” বৰ্তমান দেশখনৰ প্ৰতিৰক্ষা ব্যৱস্থা অতি সক্ৰিয় কৰি ৰখা হৈছে যাতে যিকোনো আকাশী আক্ৰমণক প্ৰতিহত কৰিব পৰা যায়।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *