কেৰিয়াৰ নিৰ্বাচনক লৈ পিতৃৰ সৈতে ঘটা মতানৈক্যৰ বাবেই এজন পাষাণ পুত্ৰই সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰৰ আশিয়ানা অঞ্চলত পুত্ৰৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হয় এজন দুৰ্ভগীয়া পিতৃয়ে।
৪৯ বছৰীয়া ব্যৱসায়ী মানৱেন্দ্ৰ সিঙক তেওঁৰ নিজ পুত্ৰ অক্ষত প্ৰতাপ সিঙে অতি নিৰ্মমভাৱে হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰ কৰাৰ তথ্যই এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে।
যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ব্যৱসায়ীজনৰ সন্ধানত আৰক্ষীয়ে তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতহে এই সমগ্ৰ নৃশংসতাৰ তথ্য পোহৰলৈ আহে।
আৰক্ষীৰ জেৰাত ২১ বছৰীয়া অক্ষতে স্বীকাৰ কৰা মতে, তেওঁৰ পিতৃয়ে তেওঁক চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ গঢ়িবলৈ বাধ্য কৰাত দুয়োৰে মাজত প্ৰায়েই বিবাদৰ সৃষ্টি হৈছিল।
