অসমবাসীৰ বাবে ভাল খবৰ

অহা ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ ৪ হাজাৰ কোটি টকাৰ নতুন টাৰ্মিনেল ভৱন । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা কয় ।

উল্লেখ্য যে যোৱা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিছিল ।মাৰ্চ মাহৰ ভিতৰত নতুন টাৰ্মিনেলৰ পৰা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান সেৱা চলাচল কৰাৰ সম্ভাৱনা আছে । আনহাতে, পুৰণি টাৰ্মিনেলটো কাৰ্গো হাবলৈ ৰূপান্তৰিত কৰা হ’ব বুলি বিমানবন্দৰৰ এজন বিষয়াই জনায় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *