৫ মে’ৰ পৰা উচ্চতম ন্যায়ালয়ত ‘কা’ৰ চূড়ান্ত শুনানি; সময়সূচী ধাৰ্য

উচ্চতম ন্যায়ালয়ে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন সম্পর্কীয় ২০০ৰো অধিক আবেদনৰ চূড়ান্ত শুনানি ৫ মে’ পৰা আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই শুনানি ১২ মে’ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। আবেদনকাৰী পক্ষক যুক্তি দাঙি ধৰিবলৈ ১.৫ দিন সময় দিয়া হ’ব আৰু তাৰপাছত কেন্দ্রীয় চৰকাৰে এক দিনের বাবে সময় লাভ কৰিব। প্ৰথমে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে প্ৰযোজ্য আবেদনসমূহৰ শুনানি গ্ৰহণ কৰা হ’ব, তাৰ পিছত অসম আৰু ত্ৰিপুৰাৰ আৱেদনসমূহ বিবেচনা কৰা হ’ব। ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগের মুখ্য আবেদনসহ সকলো পক্ষক অহা চাৰি সপ্তাহৰ ভিতৰত প্ৰয়োজনীয় নথি-পত্ৰ জমা দিবলৈ কোৱা হৈছে। ‘কা’ৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা বিভিন্ন ধৰ্মাৱলম্বী শৰণার্থীক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছে, কেন্দ্ৰীয় চৰকাৰে ইয়াক এক মানবিক পদক্ষেপ বুলি অভিহিত কৰিছে, কিন্তু বিৰোধী পক্ষ আৰু কিছু সংগঠন ইয়াক ধৰ্মনিৰপেক্ষতাৰ বিরোধী বুলি দাবী কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *