জুবিন গাৰ্গৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি জে’ললৈ যোৱা শিখা শৰ্মাৰ জামিন

সামাজিক মাধ্যমত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি আইনী মেৰপাকত পৰা শিখা শৰ্মাক অৱশেষত জামিন প্ৰদান কৰে আদালতে। বৃহস্পতিবাৰে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰাৰ পাছতেই কাৰাগাৰৰ পৰা ওলাই অহাৰ পথ প্ৰশস্ত হয়। ফেচবুকত শিল্পীগৰাকীৰ চৰিত্ৰ হনন কৰাৰ অভিযোগত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

আদালতত শিখা শৰ্মাৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হয় জ্যেষ্ঠ অধিবক্তা প্ৰণৱ কুমাৰ দাস আৰু আচলাম খান। তেওঁলোকে আদালতৰ মজিয়াত শিখা শৰ্মাৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে। উল্লেখ্য যে, জুবিন গাৰ্গৰ বিৰুদ্ধে কৰা সেই বিতৰ্কিত পোষ্টটোক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পাছতেই কেইবাখনো থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰজু কৰা হৈছিল।

দীৰ্ঘদিন ধৰি বিতৰ্কৰ শীৰ্ষত থকা শিখা শৰ্মাই ইয়াৰ পূৰ্বেও দেশপ্ৰেম আৰু শ্বহীদক লৈ কৰা মন্তব্যৰ বাবে আইনী ব্যৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছিল। বৰ্তমানৰ এই গোচৰটোত আদালতে জামিন মঞ্জুৰ কৰিছে যদিও তেওঁক কিছুমান চৰ্ত সাপেক্ষেহে মুক্তি দিয়া হ’ব পাৰে বুলি জানিব পৰা গৈছে। এই ঘটনাই এতিয়া সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলৰ মাজত পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *