ৰাজস্থানৰ আলৱাৰ জিলাৰ ভিৱাড়ীস্থিত এক ব্যক্তিগত খণ্ডৰ উদ্যোগিক প্ৰতিষ্ঠানত সোমবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। খুছখেড়া কৰৌলী উদ্যোগিক অঞ্চলৰ জি১/১১৮বি নম্বৰৰ প্লটত থকা ফেক্টৰীখনত পুৱা ৯:৫২ বজাত হঠাতে জুই লাগে। উদ্যোগটোৰ ভিতৰত থকা কেমিকেল আৰু দাহ্য পদাৰ্থৰ বাবে নিমিষতে জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে, যাৰ ফলত ৮ গৰাকী শ্ৰমিক জীৱন্ত দগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়।
উদ্ধাৰ অভিযানৰ সময়ত উদ্ধাৰ হোৱা আঠোটা মৃতদেহৰ অৱস্থা ইমানেই শোচনীয় আছিল যে কেইবাটাও মৃতদেহ কেৱল জকা সদৃশ হৈ পৰিছে। দুৰ্ঘটনাৰ সময়ত ফেক্টৰীটোৰ ভিতৰত ২০ৰ পৰা ২৫ গৰাকী শ্ৰমিক কৰ্মৰত আছিল। ইয়াৰে কেইজনমান শ্ৰমিকে প্ৰাণ ৰক্ষা কৰি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও আন একাংশ ভিতৰতে আৱদ্ধ হৈ পৰে।
আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে প্ৰায় ডেৰ ঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। টিজাৰাৰ ডিএছপি শিৱৰাজ সিং আৰু ভিৱাড়ীৰ আৰক্ষী অধীক্ষককে ধৰি উচ্চপদস্থ প্ৰশাসনিক বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰে। জুইত আহত হোৱা শ্ৰমিকসকলক উন্নত চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
প্ৰাথমিক তদন্তত সন্দেহ কৰা হৈছে যে ফেক্টৰীটোৰ এটা অংশত অবৈধভাৱে ফটকা নিৰ্মাণৰ কাম চলি আছিল আৰু তাৰ পৰাই জুইৰ সূত্ৰপাত ঘটে। অৱশ্যে প্ৰশাসনে এই বিষয়ত বৰ্তমানলৈকে কোনো আনুষ্ঠানিক নিশ্চিতি প্ৰদান কৰা নাই। সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এই শোকাৱহ ঘটনাই উদ্যোগিক অঞ্চলটোত গভীৰ শোক আৰু আতংকৰ সৃষ্টি কৰিছে।
