গৌৰৱ গগৈৰ মন্তব্যক লৈ দিলীপ শইকীয়াৰ তীব্ৰ কটাক্ষঃ ই এল এফক লৈ ৰাজ্যত তুংগত ৰাজনৈতিক বাকযুদ্ধ

অসমত নতুনকৈ নিৰ্মাণ কৰা জৰুৰীকালীন অৱতৰণ কেন্দ্ৰ চমুকৈ ইএলএফক লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যক দেওবাৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে বিজেপি নেতা দিলীপ শইকীয়াই। গগৈৰ এই বক্তব্যক ‘অতি অপৰিপক্ক’ বুলি অভিহিত কৰি শইকীয়াই অভিযোগ কৰে যে বিৰোধী নেতাজনে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে এক স্পৰ্শকাতৰ বিষয়কো তুচ্ছজ্ঞান কৰিবলৈ চেষ্টা কৰিছে।

মৰাণ বাইপাছত নিৰ্মাণ কৰা এই আধুনিক সুবিধাক প্ৰতিৰক্ষাৰ দিশৰ পৰা এক বৃহৎ সফলতা বুলিও তেওঁ দাবী কৰে। শইকীয়াৰ মতে, কংগ্ৰেছৰ শাসনকালত সেই অঞ্চলত গাড়ী চলোৱাই অসম্ভৱ আছিল। কিন্তু বৰ্তমান বিজেপিৰ শাসনত তাত জৰুৰীকালীন বিমান অৱতৰণ কেন্দ্ৰ গঢ়ি তোলাটো সম্ভৱ হৈ উঠিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে গৌৰৱ গগৈয়ে ই এল এফৰ প্ৰসংগ টানি অসামৰিক বিমান পৰিবহণ খণ্ডৰ দুৰৱস্থাৰ কথা উল্লেখ কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে সাধাৰণ জনতাৰ বাবে বিমান যাত্ৰা এতিয়া আকাশলংঘী হৈ পৰিছে। আনকি বিমান বন্দৰসমূহৰ অৱস্থা ৰেল ষ্টেচনতকৈও পুতৌলগা হৈ পৰা বুলি তেওঁ কটাক্ষ কৰিছিল।

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো জৰুৰীকালীন অৱতৰণ কেন্দ্ৰ হিচাপে মৰাণৰ এই প্ৰকল্পটো ভাৰতীয় বায়ুসেনাৰ সহযোগত নিৰ্মাণ কৰা হৈছে। এই কেন্দ্ৰটোত ৪০ টন পৰ্যন্ত ওজনৰ যুঁজাৰু বিমান আৰু ৭৪ টন ওজনৰ পৰিবহণ বিমান জৰুৰী অৱস্থাত অৱতৰণ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই প্ৰকল্পক এক গৌৰৱৰ বিষয় বুলি অভিহিত কৰিছে। তেওঁৰ মতে, কৌশলগত দিশৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযানৰ বাবে ইয়াৰ গুৰুত্ব অপৰিসীম। এই কেন্দ্ৰটোৱে ভৱিষ্যতে সামৰিক আৰু অসামৰিক উভয় ক্ষেত্ৰতে সহায় কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *