দেশৰ দহটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যুটীয়া মঞ্চ আৰু বিভিন্ন কৃষক সংগঠনৰ আহ্বানত কাইলৈ ১২ ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি পালন কৰা হ’ব ভাৰত বন্ধ। নতুন শ্ৰম নীতি আৰু ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ বিৰোধিতাৰে আহ্বান জনোৱা এই বন্ধৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত বেংকিং সেৱা, চৰকাৰী কাৰ্যালয় আৰু যাতায়াত ব্যৱস্থাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰা চাৰিটা নতুন শ্ৰম সংহিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি শ্ৰমিক সংগঠনসমূহে অভিযোগ কৰিছে যে ইয়াৰ ফলত শ্ৰমিকৰ অধিকাৰ খৰ্ব হোৱাৰ লগতে চাকৰিৰ সুৰক্ষাও হ্ৰাস পাইছে। ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ লগতে কৃষকসকলে ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ পৰা দাইলক বাদ দিয়াৰ বিষয়টোক লৈয়ো অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁলোকে বিদ্যুৎ সংশোধনী বিল আৰু অন্য কেইবাখনো বিতৰ্কিত বিল প্ৰত্যাহাৰৰ লগতে মনৰেগা আঁচনি পুনৰ বাহাল কৰাৰ দাবী জনাইছে।
দেশৰ বৃহত্তম চৰকাৰী বেংক এছ বি আই (SBI) ৰ লগতে আই ডি বি আই বেংকেও এই বন্ধৰ ফলত সেৱা ব্যাহত হোৱাৰ আশংকা প্ৰকাশ কৰিছে। অল ইণ্ডিয়া বেংক এম্প্লয়ীজ এছ’চিয়েশ্যনৰ দৰে ডাঙৰ ইউনিয়নে বন্ধক সমৰ্থন দিয়াৰ বাবে বেংকৰ লেনদেন, চেক ক্লিয়াৰেন্স আৰু জমা-উলিওৱা প্ৰক্ৰিয়াত গ্ৰাহকসকল সমস্যাৰ মুখত পৰিব পাৰে। অৱশ্যে অনলাইন বেংকিং আৰু এ টি এম সেৱা স্বাভাৱিক হৈ থকাৰ সম্ভাৱনা আছে।
যাতায়াতৰ ক্ষেত্ৰত ‘চকা বন্ধ’ৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে কাইলৈ বাট-পথত চৰকাৰী বাছ আৰু যাত্ৰীবাহী বাহনৰ সংখ্যা হ্ৰাস পাব পাৰে। কেৰালা, কৰ্ণাটক আৰু ওড়িশাৰ দৰে ৰাজ্যত স্থানীয় সংগঠনৰ সমৰ্থনত স্কুল-কলেজ বন্ধ থকাৰ সম্ভাৱনা আছে যদিও দেশজুৰি শিক্ষানুষ্ঠান বন্ধৰ কোনো চৰকাৰী ঘোষণা হোৱা নাই। চিকিৎসালয় আৰু এম্বুলেন্সৰ দৰে জৰুৰীকালীন সেৱাসমূহক এই বন্ধৰ আওতাৰ পৰা মুক্ত ৰখা হৈছে।
