১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী; মৰাণৰ এয়াৰশ্ব’ৰ পৰা খানাপাৰালৈকে আছে ব্যস্ত সূচী

অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অহা ১৪ ফেব্ৰুৱাৰীত এদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বুধবাৰে এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত ৰাজ্যবাসীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উপহাৰ দিব। উজনি অসমৰ মৰাণৰ পৰা মহানগৰীৰ খানাপাৰালৈকে সামৰি লোৱা এই ভ্ৰমণসূচীত সামৰিক শক্তি প্ৰদৰ্শনৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিমূলক উন্নয়নৰ কেইবাটাও কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ নিৰ্ধাৰিত সূচী অনুসৰি, তেওঁ পুৱা চাবুৱা বিমানকোঠ হৈ মৰাণত উপস্থিত হ’ব আৰু তাত ৰাষ্ট্ৰীয় ঘাইপথত যুদ্ধ বিমানৰ অৱতৰণেৰে এক বিশেষ এয়াৰশ্ব’ত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে গুৱাহাটীত উপস্থিত হৈ তেওঁ ৩,৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইয়াৰ লগতে বঙৰা আই টি চিটীত আই আই এম গুৱাহাটীৰ অস্থায়ী চৌহদ, আমিনগাঁৱত হাইপাৰস্কেল ডাটা চেন্টাৰ আৰু ১০০ খন বৈদ্যুতিক বাছ ৰাজ্যবাসীলৈ উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

দিনৰ ২ বজাত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক বিশাল ‘বুথ সন্মিলন’ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰিব। এই সন্মিলনত বিজেপিৰ প্ৰায় এক লাখ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব বুলি চৰকাৰী পক্ষই জানিবলৈ দিছে। সমগ্ৰ অসমত বিজেপিৰ সাত লাখ সমৰ্পিত সদস্য থকা বুলি কৰা দাবীৰ মাজতে এই বুথ সন্মিলনক নিৰ্বাচনৰ পূৰ্বে এক বিশেষ শক্তি প্ৰদৰ্শন হিচাপে গণ্য কৰা হৈছে। সন্ধিয়া প্ৰধানমন্ত্ৰীগৰাকী পুনৰ নতুন দিল্লীলৈ উভতি যাব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *