মৰিগাঁৱত ব্ৰহ্মপুত্ৰৰ চৰত সন্দেহযুক্ত নাগৰিকৰ অবাধ বেদখলে এতিয়া শংকিত কৰিছে স্থানীয় খিলঞ্জীয়াক। জাতিয়াবৰীত ১৯৯৬-৯৮ চনৰ প্ৰলয়ংকাৰী খহনীয়াত নদীৰ বুকুত জাহ যোৱা প্ৰায় ১,২৩৬ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰই গতিপথ সলনি কৰাৰ পাছত পুনৰ ওলাই পৰাত সন্দেহযুক্ত লোকৰ এক বৃহৎ দলে এই ভূ-খণ্ড অবৈধভাৱে দখল কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০১৪ চনত নদীৰ পৰা ওলাই পৰা এই পৈতৃক ভিঠাত এতিয়া গোলাঘাটৰ উৰিয়ামঘাটৰ পৰা উচ্ছেদিত লোকৰ সহযোগত সন্দেহযুক্ত নাগৰিকে দপদপনি চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।
ভুক্তভোগী স্থানীয় পৰিয়ালসমূহৰ মতে, ১৯৯৮ চনৰ বানত সৰ্বস্বান্ত হোৱা ৩০ টাকৈ পৰিয়ালে নিজৰ মাটিৰ অধিকাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। এই সন্দৰ্ভত স্থানীয় ৰাজহ চক্ৰ বিষয়া আৰু মণ্ডলৰ ৰহস্যজনক মৌনতাই এতিয়া ৰাইজৰ মনত গভীৰ সন্দেহৰ সৃষ্টি কৰিছে। একাংশ লোকে আনকি ৰাজহ কাৰ্যালয়ৰ সৈতে বেদখলকাৰীৰ গোপন বুজাবুজি থকাৰ বাবেই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে।
ইতিমধ্যে এই বিবাদৰ সমাধান বিচাৰি মৰিগাঁও জিলা আয়ুক্ত আৰু স্থানীয় বিধায়কক স্মাৰক পত্ৰ প্ৰদান কৰিছে ক্ষুব্ধ ৰাইজে। জিলাখনৰ অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) অনুসূয়া শৰ্মাই জনোৱা মতে, আবেদনখন গ্ৰহণ কৰা হৈছে আৰু তদন্তৰ পাছত আইন অনুযায়ী বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পৈতৃক সম্পত্তি উদ্ধাৰৰ বাবে এতিয়া চৰকাৰী উচ্ছেদ অভিযানৰ দিশে আশাৰে বাট চাইছে স্থানীয় খিলঞ্জীয়া পৰিয়ালসমূহে।
