মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত ভিডিঅ’ আৰু মন্তব্যক কেন্দ্ৰ কৰি দেশৰ শীৰ্ষ আদালতত আজি দাখিল কৰা হয় এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। দিল্লীৰ প্ৰাক্তন উপ-ৰাজ্যপাল নাজীব জং, সামাজিক কৰ্মী ৰূপৰেখা বাৰ্মা আৰু সংখ্যালঘু অধিকাৰ কৰ্মী জন দয়ালকে ধৰি ১২ গৰাকী বিশিষ্ট ব্যক্তিয়ে এই আবেদনৰ জৰিয়তে ন্যায়িক হস্তক্ষেপৰ দাবী জনাইছে। তেওঁলোকৰ মতে, সাংবিধানিক পদবীত অধিষ্ঠিত ব্যক্তিয়ে কৰা এনে মন্তব্যই দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে।
উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই আবেদনত কেৱল হিমন্ত বিশ্ব শৰ্মাৰ বিৰূপ মন্তব্যই নহয়, বৰঞ্চ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ‘কঠমোল্লা’ৰ দৰে মন্তব্য আৰু মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতীশ ৰাণেৰ সাম্প্ৰদায়িক ভাষণৰ প্ৰসংগও উত্থাপন কৰা হৈছে। আবেদনকাৰীসকলে অভিযোগ কৰিছে যে এয়া কেৱল মন্তব্য নহয়, বৰঞ্চ একো একোটা ঘৃণা ভাষণ যিয়ে সমাজত বিভাজন সৃষ্টি কৰিছে। আনকি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ কিছু ৰাজহুৱা বক্তব্যকো এই আবেদনত সামৰি লোৱা হৈছে।
উচ্চ সাংবিধানিক আৰু প্ৰশাসনিক পদত থকা ব্যক্তিসকলৰ ৰাজহুৱা বক্তব্যৰ বাবে এক স্পষ্ট নিৰ্দেশনা জাৰি কৰিবলৈ আবেদনকাৰীসকলে উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছে। তেওঁলোকৰ যুক্তি হৈছে যে এনে দায়িত্বশীল পদত থাকি কোনো বিশেষ ধৰ্ম বা সম্প্ৰদায়ক লক্ষ্য কৰি মন্তব্য কৰাটো সাংবিধানিক নৈতিকতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী। এতিয়া সমগ্ৰ দেশৰ দৃষ্টি নিৱদ্ধ হৈছে উচ্চতম ন্যায়ালয়ৰ ওপৰত, য’ত ঘৃণা ভাষণৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি আৰু দায়বদ্ধতাৰ নতুন ধাৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
