মেঘালয়ৰ অবৈধ কয়লা খনিৰ বিস্ফোৰণত পুনৰ এজনৰ মৃত্যু! মৃতকৰ সংখ্যা ২৮ লৈ বৃদ্ধি

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত অবৈধ কয়লা খনিত সংঘটিত বিস্ফোৰণত নিহত সংখ্যা এতিয়া ২৮লৈ বৃদ্ধি পাইছে। জিলাখনৰ থাংচু অঞ্চলত পূৰ্বে সংঘটিত বিস্ফোৰণত গুৰুতৰভাৱে আহত আৰু এজন শ্ৰমিকে চিকিৎসালয়ত মৃত্যুক সাৱটি লোৱাৰ লগে লগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পায়। শ্বিলঙৰ নেগ্ৰিমছ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাজু তামাং নামৰ শ্ৰমিকজনৰ মৃত্যুৰ পাছতে আৰক্ষী অধীক্ষক বিকাশ কুমাৰে মৃতকৰ এই নতুন তথ্য নিশ্চিত কৰে।

ঘটনাৰ ভয়াৱহতা আৰু প্ৰশাসনৰ ব্যৰ্থতাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি মেঘালয় চৰকাৰে ইতিমধ্যে এক ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে। ইফালে, সমগ্ৰ বিষয়টোত মেঘালয় উচ্চ ন্যায়ালয়ে স্বতন্ত্ৰভাৱে হস্তক্ষেপ কৰি পূব জয়ন্তীয়া পাহাৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক আদালতত তলব কৰে। চৰকাৰী নিষেধাজ্ঞা থকাৰ পাছতো কেনেকৈ এনেদৰে অবৈধ খনন কাৰ্য চলি আছিল আৰু নিৰীহ শ্ৰমিকৰ মৃত্যু ঘটিল, তাৰ এক বিতং প্ৰতিবেদন আদালতে বিচাৰিছে।

বৰ্তমানো বিভিন্ন চিকিৎসালয়ত বিস্ফোৰণত আহত আন আঠগৰাকী শ্ৰমিকে জীৱন-মৃত্যুৰে যুঁজি আছে। প্ৰতিবাৰেই এনে দুৰ্ঘটনাৰ পাছত তদন্তৰ কথা কোৱা হয় যদিও বাস্তৱত মেঘালয়ৰ দুৰ্গম অঞ্চলবোৰত অবৈধ কয়লা খননৰ এই ক’লা সাম্ৰাজ্য এতিয়াও অক্ষুণ্ণ থকাটোৱে সচেতন মহলক চিন্তিত কৰি তুলিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *