অসমৰ গৌৰৱ গামোচাৰে দেশৰ শিক্ষাৰ্থীক আদৰণি প্ৰধানমন্ত্ৰীৰঃ নাৰী শক্তিৰ প্ৰশংসাত পঞ্চমুখ মোদী

অসমৰ স্বাভিমান তথা নাৰী শক্তিৰ প্ৰতীক স্বৰূপ গামোচাখনে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিলে এক অনন্য স্বীকৃতি। নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত নৱম সংস্কৰণৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীসকলক গামোচাৰে আদৰণি জনাই নৰেন্দ্ৰ মোদীয়ে ইয়াক নিজৰ সবাতোকৈ প্ৰিয় সম্পদ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক এই সন্মানীয় উপহাৰ প্ৰদান কৰি কয় যে গামোচাই কেৱল এটুকুৰা বস্ত্ৰকে নুবুজায়, বৰঞ্চ ই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ সৱলীকৰণ আৰু তেওঁলোকৰ শক্তিৰ প্ৰতিফলন ঘটায়।

শুকুৰবাৰে অনুষ্ঠিত এই মত বিনিময় অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ শৈক্ষিক চাপ আৰু মানসিক প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক উৎসাহিত কৰে। এজন ছাত্ৰৰ প্ৰশ্নৰ উত্তৰত তেওঁ শিক্ষকসকলক উদ্দেশ্যি কয় যে পাঠদানৰ গতি সদায় শিক্ষাৰ্থীতকৈ মাত্ৰ এখোজ আগত হ’ব লাগে, যাতে লক্ষ্যটো নাগালৰ ভিতৰত থাকে অথচ সহজসাধ্য নহয়। ইয়াৰ উপৰিও ছিকিমৰ এগৰাকী ছাত্ৰীয়ে তিনিটা ভাষাত ৰচনা কৰা দেশপ্ৰেমমূলক সংগীত আবৃত্তি কৰি শুনোৱাত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভূয়সী প্ৰশংসা কৰি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ আদৰ্শক শলাগ লয়।

ইফালে, প্ৰধানমন্ত্ৰীৰ এই কাৰ্যই অসমৰ শিপিনীসকলৰ মনোবল বৃদ্ধি কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিআই টেগ প্ৰাপ্ত অসমীয়া গামোচাখন মোদীয়ে বিশ্ব দৰবাৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ এই সদিচ্ছাই অসমৰ লাখ লাখ মহিলা শিপিনীৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিছে আৰু ই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ।

প্ৰধানমন্ত্ৰীয়ে শিক্ষকসকলক পাঠদানৰ পূৰ্বে আগতীয়াকৈ অধ্যায়সমূহ ঘোষণা কৰিবলৈ পৰামৰ্শ দিয়ে, যাতে শিক্ষাৰ্থীৰ মাজত কৌতুহল আৰু মনোযোগ বৃদ্ধি পায়। অসমৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ থকা আন্তৰিকতাৰ বাবে ৩.৫ কোটি জনসাধাৰণৰ হৈ শৰ্মাই তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *