মেঘালয়ৰ অবৈধ কয়লা খনিৰ বিস্ফোৰণক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি; নিজাববীয়া গোচৰ ৰুজু

অবৈধ কয়লা খনিত সংঘটিত বিস্ফোৰণত ১৮ জনকৈ শ্ৰমিকৰ মৃত্যুৰ পাছতে এতিয়া কঠোৰ হৈছে মেঘালয় উচ্চ ন্যায়ালয়। থাংস্কু অঞ্চলৰ এই মৰ্মান্তিক ঘটনাটোক লৈ ন্যায়াধীশ এইচ এছ থাংখিউ আৰু ডব্লিউ ডিয়েংডোহৰ বিচাৰপীঠে সংবাদ মাধ্যমৰ খবৰৰ ভিত্তিত স্বত:স্ফূৰ্তভাৱে এক গোচৰ ৰুজু কৰিছে। চলিত বৰ্ষৰ ১৪ জানুৱাৰীত সংঘটিত অনুৰূপ মৰ্মান্তিক ঘটনাৰ পাছতো ৰাজ্যখনত অবৈধ কয়লা খনন অব্যাহত থকা কাৰ্যত ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে।

ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে পূব জয়ন্তীয়া পাহাৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক উক্ত অবৈধ কাৰ্যকলাপত লিপ্ত খনিৰ স্বত্বাধিকাৰী আৰু পৰিচালনাকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি অভিযানৰ সৈতে জড়িত সকলো আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈকো প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। ভুক্তভোগী আৰু আহতসকলক তাৎক্ষণিক সহায় তথা চিকিৎসা সেৱা নিশ্চিত কৰিবলৈকো আদালতে কৰ্তৃপক্ষক জাননী দিছে। উত্তৰদায়ীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ন্যায়ালয়ে অহা ৯ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক সশৰীৰে আদালতত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে। এই বিষয়া দুগৰাকীয়ে এতিয়ালৈকে গ্ৰহণ কৰা পদক্ষেপৰ বিতং প্ৰতিবেদন দাখিল কৰাৰ লগতে কিদৰে অবৈধ খনন কাৰ্য চলি থাকিবলৈ পালে, তাৰো ব্যাখ্যা দিব লাগিব। আদালতৰ নিৰ্দেশ পালন নকৰিলে ভৱিষ্যতে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়া হৈছে।

ন্যায়ালয়ৰ পঞ্জীয়কক একেদিনাই ই-মেইল আৰু হাৰ্ড কপিৰ জৰিয়তে জিলা বিষয়াসকলক এই নিৰ্দেশনা অৱগত কৰিবলৈ আৰু এডভোকেট জেনেৰেলক ইয়াৰ এটা কপি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গুৰুত্বপূৰ্ণ এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ বাবে অহা ৯ ফেব্ৰুৱাৰী দিনটো ধাৰ্য কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *