নিজে মৃত্যুৰ মুখত পৰিও ২০ টাকৈ কণমানি শিশুক নতুন জীৱন দান দি এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিলে এগৰাকী অংগনৱাড়ী কৰ্মীয়ে। অংগনৱাড়ী কেন্দ্ৰটোৰ চোতালত খেলি থকা অৱস্থাত হঠাৎ এজাক মৌমাখিয়ে আক্ৰমণ কৰা শিশুসকলক নিজৰ শৰীৰেৰে আৱৰি ধৰি কাঞ্চন বাই মেঘৱালে মৃত্যুক সাৱটি লয়। মধ্যপ্ৰদেশৰ নিমাত সংঘটিত হোৱা এই কৰুণ ঘটনাই বৰ্তমান সমগ্ৰ অঞ্চলটোতে তীব্ৰ শোকৰ ছাঁ পেলাইছে।
ঘটনাৰ বিৱৰণী অনুসৰি, মাদৱাড়া পঞ্চায়তৰ কেন্দ্ৰটোত শিশুসকলে খেলি থকা অৱস্থাত এটা বিশাল মৌমাখিৰ জাকে তেওঁলোকক ঘেৰি ধৰে। কাঞ্চন বায়ে এমুহূৰ্তও বিলম্ব নকৰাকৈ ওচৰতে থকা এখন তাৰ্পলিন আৰু কঠ লৈ শিশুসকলক ৰক্ষা কৰিবলৈ ঢপলিয়াই যায়। শ শ মৌমাখিয়ে কাঞ্চনৰ সমস্ত শৰীৰত বিন্ধি ক্ষত-বিক্ষত কৰি পেলায় যদিও শেষৰটো শিশুক সুৰক্ষিত নকৰালৈকে তেওঁ পিছহুহকি নাহিল। গাঁৱৰ লোকসকল উপস্থিত হোৱাৰ সময়ত তেওঁ মাটিত ঢলি পৰিছিল আৰু চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।
মঙলবাৰে মৰণোত্তৰ পৰীক্ষাৰ শেষত ৰাণপুৰ গাঁৱলৈ মৃতদেহ অনাৰ সময়ত সহস্ৰাধিক লোকে এইগৰাকী বীৰংগনাক চকুলোৰে বিদায় জনায়। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কাঞ্চনৰ স্বামী পক্ষাঘাতগ্ৰস্ত আৰু তেওঁ তিনিটাকৈ সন্তানক ইহসংসাৰত এৰি থৈ গৈছে। বৰ্তমান গাঁৱৰ ৰাইজে এইগৰাকী নিঃস্বাৰ্থ কৰ্মীৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য প্ৰদানৰ লগতে গছত থকা বিপদজনক মৌচাকটো আঁতৰাবলৈ তীব্ৰ দাবী জনাইছে।
