মণিপুৰত নতুন চৰকাৰ গঠনৰ কুচকাৱাজ; খেমচান্দ সিঙক এন ডি এৰ নেতা নিৰ্বাচন

গোষ্ঠীগত সংঘাতত জৰ্জৰিত উত্তৰ-পূবৰ সীমান্তৱৰ্তী ৰাজ্য মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পেলাই পুনৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে। মঙলবাৰে ইম্ফলত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত প্ৰাক্তন মন্ত্ৰী ৱাই খেমচান্দ সিঙক এন ডি এ বিধায়িনী দলৰ নেতা হিচাপে সৰ্বসন্মতভাৱে নিৰ্বাচিত কৰা হয়। ইয়াৰ লগে লগে খেমচান্দ সিঙৰ মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হোৱাৰ লগতে ৰাজ্যখনত প্ৰায় এবছৰ ধৰি চলি থকা ৰাজনৈতিক অচলাৱস্থাৰ অন্ত পৰাৰ উপক্ৰম ঘটিছে।

বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক তৰুণ চুগ আৰু উত্তৰ-পূবৰ দায়িত্বত থকা সম্বিত পাত্ৰৰ উপস্থিতিত অনুষ্ঠিত দলীয় বৈঠকত ৩৭ জন বিজেপি বিধায়কৰ ভিতৰত ৩৫ জনেই খেমচান্দ সিঙৰ নামত মোহৰ মাৰে। বিশেষভাৱে মন কৰিবলগীয়া যে, গোষ্ঠীগত হিংসাই জুৰুলা কৰা ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা দিবলৈ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কুকি নেত্ৰী নেমচা কিপগেনক উপ-মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰা হৈছে। ইয়াৰ উপৰিও নাগা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবলৈ এজন নাগা বিধায়কক অতিৰিক্ত উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।

মণিপুৰ ভৱনত অনুষ্ঠিত এন ডি এৰ বৈঠকত এন পি পিৰ ৬ জন, এন পি এফৰ ৫ জন আৰু ৩ জন নিৰ্দলীয় বিধায়কে খেমচান্দ সিঙক নেতা হিচাপে সমৰ্থন আগবঢ়ায়। লক্ষণীয় যে, ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈ আছিল। সেই সময়ৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বাধীন চৰকাৰখনে গোষ্ঠীগত হিংসাৰ বাবে পদত্যাগ কৰাৰ পাছতে ৬০ জনীয়া বিধানসভাখনত ৰাষ্ট্ৰপতি শাসন জাপি দিয়া হৈছিল। বৰ্তমান ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মেইটেই আৰু কুকি বিধায়কসকলৰ সৈতে কেইবালানিও আলোচনা কৰি এই নতুন সমীকৰণ তৈয়াৰ কৰিছে।

স্বতন্ত্ৰ বিধায়ক সপম নিশিকান্ত সিঙৰ মতে, খেমচান্দ সিং মেইটেই, কুকি আৰু নাগা— এই তিনিওটা প্ৰধান সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় হোৱাৰ বাবে তেওঁ মণিপুৰত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত এক গ্ৰহণযোগ্য ব্যক্তি হিচাপে বিবেচিত হৈছে। ৪ ফেব্ৰুৱাৰীত এন ডি এ দলে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰাৰ সম্ভাৱনা আছে। ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ অন্ত পৰাৰ পূৰ্বেই ৰাজ্যখনত নতুন চৰকাৰ গঠন হোৱাটো এতিয়া কেৱল সময়ৰ অপেক্ষাহে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *