মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জালত ACS বিষয়া; ভূমি কেলেংকাৰিত পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰা

দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা কঠোৰ অভিযানৰ মাজতে ভূমি কেলেংকাৰিৰ গুৰুতৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে এ চি এছ বিষয়া নূপুৰ বৰাক। বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অভিযান চলাই অৱশেষত বিতৰ্কিত বিষয়াগৰাকীক জিম্মাত লয়।

নূপুৰ বৰাৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ সন্দৰ্ভত তদাৰকী কোষত ৩২/২৫ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছিল। তদন্তকাৰী সংস্থাটোৱে সদৰী কৰা মতে, বৰপেটাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বিষয়াগৰাকীয়ে প্ৰায় ২৮৪ গৰাকী লোকৰ নামত অবৈধ প্ৰক্ৰিয়াৰে ভূমি পঞ্জীয়ন কৰি দিছিল। ইয়াৰে অৰ্ধ শতাধিক লোকৰ ভূমি নথি কোনো ধৰণৰ চৰকাৰী পঞ্জীয়ন নকৰাকৈ কেৱল লাখ লাখ টকাৰ বিনিময়ত নামজাৰি কৰাৰ তথ্য পোহৰলৈ আহিছে।

তদন্তৰ অগ্ৰগতিৰ অংশ হিচাপে তদাৰকী কোষে বৰপেটাত এক তালাচী অভিযান চলাই প্ৰায় ৭০ গৰাকী সন্দেহজনক ব্যক্তিৰ ভূমি নথি জব্দ কৰে। এই নথিপত্ৰসমূহ পুনৰীক্ষণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ পাছতে তাত ব্যাপক বিসংগতি ধৰা পৰে। বিশেষকৈ একাংশ সন্দেহজনক লোকৰ নামত বৃহৎ ধনৰ বিনিময়ত ভূমি পঞ্জীয়ন কৰি দি নূপুৰ বৰাই বিভাগীয় নিয়মৰ চৰম উলংঘন কৰা বুলি প্ৰমাণ লাভ কৰিছে তদন্তকাৰীয়ে।

বৰপেটাৰ উপৰি কামৰূপৰ গৰৈমাৰীতো একেধৰণৰ ভূমি জালিয়াতিৰ সৈতে বিষয়াগৰাকী জড়িত থকাৰ সন্দেহ কৰা হৈছে। গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰাও ইতিমধ্যে তদাৰকী কোষে এই সংক্ৰান্তত প্ৰয়োজনীয় তথ্য বিচাৰিছে। বৰ্তমান জিলা আয়ুক্তই প্ৰদান কৰা ২৮৪ গৰাকী লোকৰ ভূমিৰ তথ্যসমূহ তদাৰকী কোষে মূল্যায়ন কৰি থকাৰ লগতে অভিযুক্ত বিষয়াগৰাকীক জেৰা অব্যাহত ৰাখিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *