অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৱে সৃষ্টি কৰা আইনী মেৰপেচৰ মাজতে আজি প্ৰদান কৰা হ’ব এক গুৰুত্বপূৰ্ণ ৰায়। কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এই গোচৰৰ তিনিজন অভিযুক্তৰ জামিন আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি সিদ্ধান্ত প্ৰদান কৰিব। কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই ব্যক্তিগত দেহৰক্ষী পৰেশ বৈশ্য তথা নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ ওপৰত আজি বিয়লিৰ ভাগলৈ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, যোৱা ২২ জানুৱাৰীত অনুষ্ঠিত শুনানিৰ সময়ত ‘নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল’ৰ সঞ্চালক শ্যামকানু মহন্ত আৰু জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গে নিজৰ জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল। এছ আই টিৰ অভিযোগনামা অনুসৰি শ্যামকানু মহন্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ আৰু অসম আৰক্ষীৰ নিলম্বিত বিষয়া সন্দীপন গাৰ্গৰ বিৰুদ্ধে অসাৱধানবশতঃ নৰহত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ইফালে গোচৰটোৰ আন দুজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে এতিয়ালৈকে জামিনৰ বাবে আবেদন কৰা নাই।
যোৱা বৰ্ষৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সময়তে সাগৰত সাতুৰি থকা অৱস্থাত জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল। জনসাধাৰণৰ তীব্ৰ দাবীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী দলে যোৱা ১২ ডিচেম্বৰত এই সন্দৰ্ভত অভিযোগনামা দাখিল কৰিছিল। এই অভিযোগনামাত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ অনা হৈছে। মন কৰিবলগীয়া যে, চৰকাৰে এই হাই-প্ৰফাইল গোচৰটো পৰিচালনা কৰিবলৈ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত পাঁচজনীয়া বিশেষ চৰকাৰী অধিবক্তাৰ দল নিযুত্তি দিছে। পূৰ্বৰ শুনানিত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পালমী বৰঠাকুৰ আদালতত উপস্থিত থাকি চৰকাৰী পক্ষৰ যুক্তিত সন্তুষ্টি প্ৰকাশ কৰিছিল। সমগ্ৰ ৰাজ্যৰ চকু এতিয়া আদালতৰ আজিৰ এই গুৰুত্বপূৰ্ণ শুনানিৰ ওপৰত নিৱদ্ধ হৈ আছে।
