ৰাজনৈতিক সমীকৰণৰ নতুন মোৰঃ পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিব ডাঃ দুৰ্লভ চমুৱা

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁৱৰ ৰাজনীতিত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ সাম্ভাব্য প্ৰত্যাৱৰ্তনে। ২০২১ চনৰ নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈ ক্ষোভত কংগ্ৰেছ ত্যাগ কৰা জ্যেষ্ঠ নেতাগৰাকীক পুনৰ সক্ৰিয় ৰাজনীতিলৈ ওভতাই আনিবলৈ ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী সাংসদে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই সাংসদগৰাকীৰ আশ্বাসৰ ভিত্তিতেই আজি ৰাজীৱ ভৱনত উপস্থিত হৈ চমুৱাই নগাঁও-বটদ্ৰৱা আৰু বঢ়মপুৰ সমষ্টিৰ বাবে আবেদন জনাব বুলি জানিব পৰা গৈছে।

উল্লেখনীয় যে, ২০১১ চনত অগপৰ গিৰীণ বৰুৱাক পৰাজিত কৰি বিধায়ক নিৰ্বাচিত হোৱা দুৰ্লভ চমুৱাই ২০১৬ চনত বিজেপিৰ ৰূপক শৰ্মাৰ হাতত পৰাজয়বৰণ কৰে। ইয়াৰ পৰৱৰ্তী ২১-ৰ নিৰ্বাচনত দলে তেওঁৰ সলনি শান্তনু শৰ্মাক টিকট প্ৰদান কৰাত তেওঁ মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰিছিল। পৰিণতিত তেওঁৰ সমৰ্থকসকলে নেহেৰুবালিত বিজেপিত যোগদান কৰাৰ লগতে নগাঁও কংগ্ৰেছৰ কাৰ্যালয়ত অভূতপূৰ্ব লংকাকাণ্ডৰ সৃষ্টি কৰিছিল। আনকি একাংশ ক্ষুব্ধ কৰ্মীয়ে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধেও শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তুলিছিল।

পৰৱৰ্তী সময়ত ডাঃ চমুৱাই ব্যক্তিগত নাৰ্ছিং হোম চলাই অৰাজনৈতিক জীৱন যাপন কৰিছিল যদিও শেহতীয়া ৰাজনৈতিক চৰ্চাই তেওঁক পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ আনিছে। ইফালে, নগাঁও-বটদ্ৰৱা সমষ্টিৰ পৰা ইতিমধ্যে মৃণাল হাজৰিকা আৰু শান্তনু শৰ্মাই প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে। এনে পৰিপ্ৰেক্ষিতত, এজন বহিৰাগতৰ দৰে পুনৰ দললৈ ওভতি টিকট বিচাৰা কাৰ্যই নগাঁও সদৰ কংগ্ৰেছৰ নিষ্ঠাবান নেতা-কৰ্মীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ বীজ সিঁচিছে।

প্ৰাক্তন বিধায়কগৰাকীৰ এই প্ৰত্যাৱৰ্তনে নগাঁও কংগ্ৰেছক শক্তিশালী কৰিব নে পুনৰ দুফাল কৰিব, তাক লৈ এতিয়া জিলাখনত ব্যাপক চৰ্চা চলিছে। টিকট কেন্দ্ৰিক এই টনাটনিৰ ফলত নিৰ্বাচনৰ পূৰ্বে দলীয় ভিতৰচ’ৰাত পুনৰ সংঘাতৰ সম্ভাৱনাই দেখা দিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *