অষ্ট্ৰেলিয়াৰ ক্ৰিকেট কিংবদন্তি ছাৰ ড’নাল্ড (ডন) ব্ৰেডমেনৰ ‘বেগী গ্ৰীণ’ টুপী নিলাম কৰা হৈছে। গোল্ড কোষ্টত অনুষ্ঠিত নিলামত ৪ লাখ ৬০ হাজাৰ অষ্ট্ৰেলিয়ান ডলাৰত (প্ৰায় ২.৯২ কোটি টকা) ক্ৰয় কৰিছিল এজন বেনামী ক্ৰেতাই। ১৯৪৭-৪৮ চনত স্বাধীন ভাৰতৰ বিৰুদ্ধে প্ৰথম টেষ্ট শৃংখলাৰ সময়ত ব্ৰেডমেনে পিন্ধিছিল এই টুপীটো। ব্ৰেডমেনে ঘৰুৱা টেষ্ট ছিৰিজৰ অন্তিমখন টেষ্ট শৃংখলাৰ (১৯৪৭-৪৮)ৰ পিছত ভাৰতীয় অ’পেনিং বলাৰ শ্ৰীৰংগা সোহনী (এছ.ডব্লিউ. ছ’হনী)ক এই কেপটো উপহাৰ দিছিল।
প্ৰায় ৭৫ বছৰ ধৰি সোহনী পৰিয়ালে ইয়াক সুৰক্ষিত কৰি ৰাখিছিল আৰু কেতিয়াও ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা নাছিল। লয়ডছ অকচনৰ চি অ’ অ’ লি হামেছে এই টুপিটোক “ক্ৰিকেট জগতৰ অন্যতম মূল্যৱান ধন” বুলি অভিহিত কৰিছে। তেওঁ কয় যে তিনি প্ৰজন্ম ধৰি টুপীটো সাঁচি থোৱা আছিল। পৰিয়ালটোৰ এটা নিয়ম আছিল যে যেতিয়া কোনো সদস্যৰ বয়স ১৬ বছৰ হ’ব তেতিয়া মাত্ৰ পাঁচ মিনিটৰ বাবে টুপীটো চাবলৈ দিয়া হয়।
ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীৰঙ্গা সোহনীয়ে ১৯৪৭-৪৮ চনৰ শৃংখলাৰ প্ৰথমখন টেষ্ট মেচহে খেলিছিল। যদিও তেওঁ উইকেটবিহীন হৈ গৈছিল, তথাপিও সেই মেচখনৰ প্ৰথমটো বল তেওঁ কৰিছিল। স্বতন্ত্ৰ ভাৰতৰ ক্ৰিকেট ইতিহাসৰ এইটোৱেই আছিল প্ৰথমটো বল। এই মেচখনৰ পাছত ব্ৰেডমেনে স্মৃতিৰূপে সোহনীক নিজৰ টুপী দিছিল।
