পুনৰ আত্মঘাতী বোমা বিস্ফোৰণ

পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশত পুনৰ এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এখন বিবাহ অনুষ্ঠানৰ আনন্দ-উল্লাস চলি থকাৰ মাজতে এজন আত্মঘাতী বোমাৰুৱে কৰা বিস্ফোৰণত ৫ জন লোক থিতাতে নিহত হোৱাৰ লগতে ১০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়। বিস্ফোৰণত আহত কেইবাজনো লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এগৰাকী শান্তি প্ৰতিষ্ঠাৰ চেষ্টা চলাই থকা ব্যক্তিৰ ঘৰত চলা এই বিস্ফোৰণে দেশখনৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ পুনৰ উদঙাই দিছে।

বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ঘৰটোৰ এটা অংশৰ ছাদ সম্পূৰ্ণৰূপে খহি পৰে। যাৰ ফলত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হয় আৰু বহু লোক ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ পৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *