সৰস্বতী পূজাৰ দিনাই নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই কাঢ়ি নিলে এহাল যুৱক-যুৱতীৰ প্ৰাণ। লখিমপুৰ জিলাৰ নাওবৈচাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙানদী এলেকাত নিশা প্ৰায় ১২ বজাত এই মৰ্মন্তুদ ঘটনাটো সংঘটিত হয়। প্ৰাপ্ত তথ্যমতে, লখিমপুৰ চহৰৰ ফালৰ পৰা লালুকৰ দিশে গৈ থকা এ আৰ-০১ টি-৫৯৫৬ নম্বৰৰ মহিন্দ্ৰা স্ক’ৰপিঅ’ বাহনখনে নাওবৈচা গ্ৰাম্য চিকিৎসালয়ৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত বাহনখনৰ চালকৰ আসনত থকা মুকুন্দ সোণোৱাল (২৮) আৰু যাত্ৰী পপী শইকীয়া (২৪) থিতাতে মৃত্যুমুখত পৰে। মৃত মুকুন্দ সোণোৱাল বঙীনদী গেৰগলীয়া গাঁৱৰ নিবাসী তথা এগৰাকী ইঞ্জিনিয়াৰিং স্নাতক আছিল। তেওঁ নাওবৈচাৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল। আনহাতে পপী শইকীয়া নাওবৈচা বালিগাঁৱৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।
নিশা দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে দুৰ্ঘটনাস্থলীৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে। আজি বিয়লি বঙীনদীৰ পাৰত আত্মীয়-স্বজন আৰু বিভিন্ন দল-সংগঠনৰ উপস্থিতিত মুকুন্দ সোণোৱালৰ শেষকৃত্য সম্পন্ন কৰা হয়। এই ঘটনাই সমগ্ৰ নাওবৈচা আৰু বঙীনদী অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।
