নিৰাপত্তাজনিত কাৰণ দৰ্শাই ভাৰতৰ মাটিত টি-২০ বিশ্বকাপ খেলিবলৈ বাংলাদেশে প্ৰকাশ কৰা অনিচ্ছাক পাকিস্তানে সমৰ্থন জনোৱাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পাকিস্তান ক্ৰিকেট বোৰ্ডে (পিচিবি) আইচিচিক এক ই-মেইলযোগে জনাইছে যে বাংলাদেশৰ এই দাবী সম্পূৰ্ণ যুক্তিপূৰ্ণ আৰু প্ৰয়োজন হ’লে পাকিস্তানত বাংলাদেশৰ মেচসমূহ অনুষ্ঠিত কৰিবলৈ তেওঁলোক সাজু আছে।
অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপত বাংলাদেশৰ গ্ৰুপ পৰ্যায়ৰ চাৰিখন মেচ ভাৰতৰ কলকাতা আৰু মুম্বাইত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বাংলাদেশ ক্ৰিকেট বোৰ্ডে (বিচিবি) নিজ চৰকাৰৰ নিৰ্দেশ মৰ্মে ভাৰতলৈ দল প্ৰেৰণ কৰিবলৈ অমান্তি হৈ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰ কৰিবলৈ দাবী জনাই আহিছে। এই জটিল পৰিস্থিতিৰ মাজতে পাকিস্তানৰ এই প্ৰস্তাৱে আইচিচিৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, যোৱা সপ্তাহত ঢাকাত আইচিচি আৰু বিচিবিৰ মাজত এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈছিল যদিও কোনো পক্ষই নিজৰ স্থিতিত নৰম হোৱা নাই। আইচিচিয়ে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই টুৰ্ণামেণ্টখন খেলুৱাবলৈ জোৰ দি থকাৰ বিপৰীতে বাংলাদেশে নিৰাপত্তাৰ দোহাই দি ভাৰতলৈ যোৱাত বাধা প্ৰদান কৰিছে। আইপিএলৰ সম্প্ৰচাৰ নিষিদ্ধ কৰা আৰু মুস্তাফিজুৰ ৰহমানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই এই সমস্যাটোক অধিক জটিল কৰি তুলিছে।
আজি অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ ব’ৰ্ড বৈঠকত বাংলাদেশৰ অংশগ্ৰহণক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু আইচিচিৰ সৈতে হোৱা হাইব্ৰিড মডেলৰ চুক্তি অনুসৰি পাকিস্তানে ইতিমধ্যে তেওঁলোকৰ সকলো মেচ শ্ৰীলংকাত খেলাটো নিশ্চিত হৈছে। এতিয়া বাংলাদেশৰ প্ৰসংগত আইচিচিয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়।
