দুখনকৈ দ্ৰুতবেগী ৰে’লৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষই নমাই আনিলে মৃত্যুৰ এক কৰুণ বিভীষিকা। দক্ষিণ স্পেইনৰ কর্ডোবা প্ৰদেশৰ এডামুজত দেওবাৰে নিশা এক শোকাৱহ ৰে’ল দুৰ্ঘটনা প্ৰাণ কাঢ়ে ৩৯ গৰাকী লোকৰ আৰু ১৫২ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এখন ব্যক্তিগত খণ্ডৰ দ্ৰুতবেগী ৰে’ল হঠাতে চিটিকি পৰি বিপৰীত দিশৰ পৰা আহি থকা আন এখন ৰে’লত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই এই মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হয়।
প্ৰাপ্ত তথ্য অনুসৰি, মালাগাৰ পৰা মাদ্ৰিদ অভিমুখে যোৱা ‘ইৰিঅ’ ৬১৮৯’ নামৰ ৰে’লখন এডামুজৰ সমীপত হঠাতে লাইনচ্যুত হৈ কাষৰ ট্ৰেকত সোমাই পৰে। সেই একে সময়তে মাদ্ৰিদৰ পৰা হুৱেলভা অভিমুখে অহা ৰাষ্ট্ৰীয় ৰে’ল প্ৰাধিকৰণৰ ‘ৰেনফে’ কোম্পানীৰ ৰে’লখনৰ সৈতে ইয়াৰ তীব্ৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত এখন ৰে’লৰ চালকজনৰো মৃত্যু ঘটে। ৰে’ল পৰিচালনা সংস্থা ‘এডিফ’ৰ তথ্য মতে, ক’ৰ্ডোবাৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ মাত্ৰ ১০ মিনিটৰ পাছতে সন্ধিয়া প্ৰায় ৬:৪০ বজাত এই ঘটনাটোৱে কালৰূপ ধাৰণ কৰে।
উদ্ধাৰ অভিযানত অংশ লোৱা কর্ডোবাৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বীয়ে জনায় যে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল, য’ত চূৰ্ণ-বিচূৰ্ণ হোৱা ডবাসমূহৰ মাজত বহু যাত্ৰী আৱদ্ধ হৈ পৰে। বেঁকা হৈ পৰা লোহাৰ টুকুৰা আৰু ধ্বংসস্তূপৰ মাজৰ পৰা যাত্ৰীসকলক উলিয়াই আনিবলৈ উদ্ধাৰকাৰীসকলে যুদ্ধকালীন তৎপৰতাৰে সংগ্ৰাম চলায়। স্পেইনৰ পৰিবহণ মন্ত্ৰী অস্কাৰ পুৱেণ্টেই এই ঘটনাক অত্যন্ত গুৰুতৰ বুলি অভিহিত কৰি মাদ্ৰিদ আৰু আন্দালুছিয়াৰ মাজত সকলো ৰে’ল সেৱা সাময়িকভাৱে স্থগিত ৰাখে।
