জুবিন গাৰ্গৰ বিৰুদ্ধে বিৰূপ মন্তব্যঃ বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ

অসমীয়া সংগীত জগতৰ মহাতাৰকা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ চাৰিটা মাহ সম্পূৰ্ণ হোৱাৰ দিনাই আজি ৰাজ্যৰ পৰিৱেশ উত্তপ্ত হৈ পৰিছে। শিল্পীগৰাকীৰ মৃত্যুৰ পাছত ধাৰাবাহিকভাৱে তেওঁৰ চৰিত্ৰ হনন আৰু বিৰূপ মন্তব্য কৰি অহা বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আজি আইনৰ কাষ চাপে জুবিন গাৰ্গৰ পৰিয়াল। শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈ শিখা শৰ্মাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে জুবিন গাৰ্গৰ বিয়োগৰ পাছৰে পৰা শিখা শৰ্মাই সামাজিক মাধ্যমত শিল্পীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধেও কটু সমালোচনা আৰু আপত্তিজনক মন্তব্য কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি গৰিমা শইকীয়া গাৰ্গৰ লগতে শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰেও শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত লয়। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ এই কাৰ্যক কোনোমতে সহ্য কৰা নহ’ব বুলি পৰিয়ালৰ লোকে স্পষ্ট কৰি দিছে।

ইফালে, শিখা শৰ্মাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। ৰাজ্যৰ প্ৰতিটো জুবিন গাৰ্গ ফেন ক্লাবে আজি নিজ নিজ অঞ্চলৰ থানাত বিতৰ্কিত মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত দিছপুৰ থানাতো আজি এক এজাহাৰ দাখিল কৰা হ’ব। প্ৰাণৰ শিল্পীজনক কৰা অপমানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে এতিয়া একগোট হৈছে শিল্পীগৰাকীৰ গুণমুগ্ধসকল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *