পুনৰ অসম সীমান্তৰে স্বদেশলৈ ওভতাই পঠিওৱা হ’ল ১৪ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক

ৰাজ্যত চলোৱা এক সমন্বিত নিৰাপত্তা অভিযানৰ অন্তত আজি পুৱতি নিশা ১৪ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰি পুনৰ নিজ দেশলৈ ওভোতাই পঠোৱা হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই তথ্য সদৰী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ৰাজ্যৰ জনগাঁথনি আৰু আভ্যন্তৰীণ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ তেওঁৰ চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ। অনুপ্ৰৱেশকাৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী শৰ্মাই এক সকীয়ানি প্ৰদান কৰি লিখে, ‘‘আপোনালোক হয়তো আত্মগোপন কৰি আছে, কিন্তু আমি আপোনালোকক বিচাৰি উলিয়াম আৰু ভাৰতৰ পৰা বহিষ্কাৰ কৰিম। আজি পুৱতি নিশা আমি ১৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিছোঁ। ইয়াৰে একাংশ নতুনকৈ সোমোৱা আৰু একাংশ পুৰণি উপদ্ৰৱকাৰী।’’ তেওঁ লগতে উল্লেখ কৰে যে এই অভিযান নিৰন্তৰভাৱে অব্যাহত থাকিব।

শেহতীয়া সময়ছোৱাত অসম চৰকাৰে সীমান্তত পহৰা তীব্ৰতৰ কৰি তুলিছে আৰু অবৈধভাৱে সীমা পাৰ হ’বলৈ চেষ্টা কৰা কেইবাজনো বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰিছে। পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে ‘অবৈধ অনুপ্ৰৱেশকাৰী’ক বহিষ্কাৰৰ বাবে চৰকাৰে ভাৰত আৰু বাংলাদেশৰ মাজত কোনো প্ৰত্যাৰ্পণ চুক্তিলৈ অপেক্ষা নকৰে। বৰঞ্চ নতুন নীতিৰ আধাৰত এই প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ২০২৬ চনৰ পৰা প্ৰতি বছৰে ১০ হাজাৰৰ পৰা ১৫ হাজাৰ বিদেশী লোকক বহিষ্কাৰ কৰিবলৈ অসম সক্ষম হ’ব। ১৯৮৫ চনৰ অসম চুক্তিত বিদেশী চিনাক্তকৰণৰ পাছত তেওঁলোকক কেনেকৈ উলিয়াই দিব লাগে তাৰ কোনো নিৰ্দিষ্ট নিৰ্দেশনা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে পূৰ্বতে বিদেশী ঘোষিত লোকসকলক ডিটেনচন কেম্পত ৰখা হৈছিল যদিও তেওঁলোকে জামিনত ওলাই আহিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমানৰ চৰকাৰে খিলঞ্জীয়া লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি তেওঁ দোহাৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *