ছয়গাঁওত নিশা বিধ্বংসী অগ্নিকাণ্ড! ঘৰৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যু দৃষ্টিহীন যুৱতীৰ

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত বতাহীয়া চৰৰ দীঘলডোবা গাঁৱত নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। এই মৰ্মান্তিক ঘটনাত এগৰাকী দৃষ্টিহীন যুৱতীৰ অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে চাৰিটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দীঘলডোবা গাঁৱৰ নিবাসী টাইমুদ্দিন আহমেদৰ ঘৰত নিশা হঠাতে জুইৰ সূত্ৰপাত ঘটে। মুহূৰ্তৰ ভিতৰতে জুয়ে কালৰূপ ধাৰণ কৰি টাইমুদ্দিন আহমেদৰ লগতে ওচৰৰ মুঠ চাৰিটা বাসগৃহ নিমিষতে ছাই কৰি পেলায়। এই অগ্নিকাণ্ডত টাইমুদ্দিনৰ দৃষ্টিহীন কন্যা কৰফুল নেছা ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰে আৰু তেওঁৰ থিতাতে মৰ্মান্তিক মৃত্যু ঘটে।

অগ্নিকাণ্ডত পৰিয়ালটোৰ চাৰিটা পশুধনৰো মৃত্যু হোৱাৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ, সা-সম্পত্তি আৰু কেইবা লাখ টকাৰ আচবাব সম্পূৰ্ণৰূপে ধ্বংস হয়। জুই লগাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে চৰকাৰীভাৱে নিশ্চিত হোৱা নাই যদিও স্থানীয় লোকৰ সন্দেহ অনুসৰি পাকঘৰৰ পৰাই এই অগ্নিকাণ্ডৰ সৃষ্টি হৈছিল। ঘটনাৰ পাছতে স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও তাৰ পূৰ্বেই ক্ষয়-ক্ষতিৰ পৰিমাণ বৃদ্ধি পায়। এই মৰ্মান্তিক ঘটনাক লৈ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ভুক্তভোগী পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ আৰু তাৎক্ষণিক সাহায্য প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *