বাংলাদেশত আগন্তুক সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘুৰ ওপৰত চলি থকা আক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত থকাৰ মাজতে ৰাজবাৰী জিলাত এজন হিন্দু যুৱকক গাড়ীৰে পিষ্ট কৰি হত্যা কৰাৰ এক জঘন্য ঘটনা সংঘটিত হয়। পেট্ৰ’ল পাম্পত কৰ্মৰত ৩০ বছৰীয়া ৰিপন সাহা নামৰ যুৱকজনে ইন্ধনৰ মূল্য আদায় নিদিয়াকৈ পলাই যাব খোজা এখন বাহনক বাধা দিবলৈ চেষ্টা কৰোঁতেই এই কৰুণ মৃত্যুক সাৱটি লয়। শুকুৰবাৰে পুৱতি নিশা ৰাজবাৰী জিলাৰ গোৱালন্দ মোৰস্থিত ‘কৰিম ফিলিং ষ্টেচন’ত এই ঘটনা সংঘটিত হৈছে।
আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় ৪:৩০ বজাত এখন ক’লা ৰঙৰ এছইউভি বাহনে পাম্পটোৰ পৰা প্ৰায় ৫,০০০ টকাৰ ইন্ধন ভৰায়। ইয়াৰ পাছতে চালকজনে টকা নিদিয়াকৈ তীব্ৰ বেগেৰে পলায়নৰ চেষ্টা কৰাত কৰ্তব্যৰত ৰিপন সাহাই বাহনখনৰ সন্মুখত থিয় হৈ বাধা প্ৰদান কৰে। কিন্তু চালকজনে বাহনখন ৰখোৱাৰ পৰিৱৰ্তে ৰিপনৰ ওপৰেৰে চলাই লৈ যায় আৰু থিতাতে তেওঁৰ মৃত্যু ঘটে।
ৰাজবাৰী সদৰ আৰক্ষীৰ মুৰব্বী খন্দকাৰ জিয়াউৰ ৰহমানে জনোৱা মতে, আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহৃত বাহনখন জব্দ কৰিছে। এই সন্দৰ্ভত বাহনখনৰ গৰাকী আবুল হাছেম ওৰফে সুজন (৫৫) আৰু চালক কামাল হোসেনক (৪৩) গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে, গ্ৰেপ্তাৰ হোৱা আবুল হাছেম বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ ৰাজবাৰী জিলাৰ প্ৰাক্তন কোষাধ্যক্ষ হোৱাৰ লগতে জিলা যুৱ দলৰ প্ৰাক্তন সভাপতি আছিল। অহা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত বাংলাদেশত সাম্প্ৰদায়িক হিংসা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে এক বিবৃতিত অভিযোগ কৰিছে যে সংখ্যালঘু ভোটাৰসকলক নিৰ্বাচনত বাধা দিয়াৰ উদ্দেশ্যৰে এই হিংসাত্মক পৰিৱেশ সৃষ্টি কৰা হৈছে। সংস্থাটোৰ তথ্য অনুসৰি, কেৱল যোৱা ডিচেম্বৰ মাহতে দেশখনত ৫১ টা সাম্প্ৰদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছে।
