উচ্চ প্ৰদৰ্শনমূলক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ ভূটানৰ পৰা ১৩জন শ্বুটাৰ পশ্চিম বংগৰ শিলিগুৰিত উপস্থিত হৈছেহি। ভাৰত–ভূটানৰ সহযোগত অহা ৭ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ দুসপ্তাহজোৰা এই শিবিৰৰ আয়োজন কৰা হৈছে। ই ভূটানত শ্বুটিং ক্ৰীড়াৰ বিকাশৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে আৰু দেশখনৰ খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন উন্নত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
চুবুৰীয়া প্ৰথম নীতিৰ অধীনত ভাৰতে আন্তঃগাঁথনি উন্নয়ন, শক্তি, শিক্ষা, স্বাস্থ্য আৰু ক্ৰীড়াকে ধৰি একাধিক খণ্ডত চুবুৰীয়া দেশসমূহক সাহায্য প্ৰদান কৰি আহিছে। এই দেশসমূহত ভাৰতীয় দূতাবাসসমূহে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সংশ্লিষ্ট বিভাগসমূহৰ সমন্বয়ত কাম কৰি বিভিন্ন পদক্ষেপ আৰু অনুষ্ঠানৰ সুবিধা প্ৰদান কৰে।
ভূটানত থকা ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে,” শিলিগুৰিত হাই পাৰ্ফমেন্স প্ৰশিক্ষণ শিবিৰত ভূটানৰ ৰাষ্ট্ৰীয় শ্বুটাৰসকলক অনুশীলনৰ বাবে উপস্থিত হোৱাত আনন্দিত হৈছো। ভাৰত-ভূটান ক্ৰীড়া অংশীদাৰিত্বৰ অধীনত দুসপ্তাহৰ এই শিবিৰত ক্ৰীড়া, যুৱক-যুৱতীৰ বিকাশ আৰু উচ্চ প্ৰদৰ্শনকাৰী প্ৰশিক্ষণৰ ক্ষেত্ৰত আমাৰ শক্তিশালী সহযোগিতা প্ৰতিফলিত হয়। খেলুৱৈ আৰু প্ৰশিক্ষকসকলক শুভেচ্ছা জনাইছোঁ।
ভূটান শ্বুটিং ফেডাৰেচনে এক বিবৃতিত কয় যে, “ভূটান শ্বুটিং ফেডাৰেচনৰ মুঠ ১৩গৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ (৫গৰাকী ৰাইফল আৰু ৮গৰাকী পিষ্টল শ্বুটাৰ) আৰু ২গৰাকী প্ৰশিক্ষক সুৰক্ষিতভাৱে শিলিগুৰিত থকা জিতু ৰায়ৰ শ্বুটিং একাডেমীত উপস্থিত হৈছেগৈ আৰু একাডেমীখনে তেওঁলোকক উষ্ম আদৰণি জনায়। এই কাৰ্যসূচীৰ বাবে ভাৰত-ভূটান অংশীদাৰিত্ব কাৰ্যসূচীৰ জৰিয়তে পুঁজি যোগান ধৰা হৈছে, যি দুয়োখন ৰাষ্ট্ৰৰ মাজত শক্তিশালী ক্ৰীড়া আৰু উন্নয়নমূলক সহযোগিতাক প্ৰতিফলিত কৰে। এই শিবিৰৰ লক্ষ্য হৈছে ভূটানৰ ৰাষ্ট্ৰীয় শ্বুটাৰসকলৰ বাবে কাৰিকৰী দক্ষতা, প্ৰতিযোগিতাৰ প্ৰস্তুতি আৰু আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা বৃদ্ধি কৰা।”
ভূটান শ্বুটিং ফেডাৰেচনেও ভূটান চৰকাৰ আৰু নিজৰ জনসাধাৰণৰ হৈ ভূটানত শ্বুটিঙৰ বিকাশ আৰু উচ্চ-প্ৰদৰ্শনকাৰী খেলুৱৈসকলৰ প্ৰতিপালনত নিৰন্তৰ সমৰ্থন আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
