ক্ৰিকেট খেলি থকাৰ সময়তে হঠাৎ ক্ৰীড়াঙ্গনত ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী প্ৰবীণ ক্ৰিকেটাৰে। মিজোৰামৰ ৩৮ বছৰীয়া অভিজ্ঞ ক্ৰিকেটাৰ খাউলহ্ৰিং লালৰেমৰুৱাতাইৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ক্ৰিকেট মহলক। বৃহস্পতিবাৰে চিহ্মুইৰ চুৱাকা খেলপথাৰত এখন ক্ৰিকেট মেচত অংশ লোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। খেলৰ মাজভাগলৈকে সকলো স্বাভাৱিক হৈ আছিল যদিও কিছু সময়ৰ পাছতে খেলপথাৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বেটিং সম্পূৰ্ণ কৰাৰ মাত্ৰ কেইমিনিটমানৰ পাছতে খেলুৱৈগৰাকীয়ে বুকুত তীব্ৰ বিষ অনুভৱ কৰে আৰু হঠাতে ঢলি পৰে।
ক্ৰিকেট এছ’চিয়েশ্যন অৱ মিজোৰামৰ উদ্যোগত আয়োজিত খালেদ মেম’ৰিয়েল দ্বিতীয় ডিভিজন স্ক্ৰীনিং টুৰ্ণামেণ্টত লালৰেমৰুৱাতাই ভি আৰ চি চি দলক প্ৰতিনিধিত্ব কৰিছিল। চাউনপুই আই এল এম অ’ ভি ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে খেলা এই গুৰুত্বপূৰ্ণ মেচখনত খেলুৱৈগৰাকীয়ে অতি সক্ৰিয়ভাৱে বেটিং কৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে বেটিং কৰি থকা সময়ত তেওঁৰ কোনো ধৰণৰ শাৰীৰিক অসুস্থতা পৰিলক্ষিত হোৱা নাছিল। কিন্তু খেলপথাৰত ঢলি পৰাৰ পাছতে তেওঁ অচেতন হৈ পৰে আৰু সতীৰ্থ খেলুৱৈ তথা মেচ অফিচিয়েলসকলে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
চিকিৎসা বিভাগৰ আনুষ্ঠানিক প্ৰতিবেদন এতিয়াও লাভ কৰা নাই যদিও প্ৰাথমিকভাৱে ক্ৰিকেটাৰগৰাকীৰ মৃত্যু ষ্ট্ৰোকৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে। এই ঘটনাই লগে লগে খেলপথাৰত উপস্থিত থকা দৰ্শক আৰু সহযোগী খেলুৱৈসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। মিজোৰামৰ ক্ৰিকেট ইতিহাসত এগৰাকী সন্মানীয় ব্যক্তি হিচাপে পৰিচিত লালৰেমৰুৱাতাৰ জন্ম হৈছিল ১৯৮৭ চনৰ ৯ মাৰ্চত।
লালৰেমৰুৱাতা মিজোৰামৰ সেই বাটকটীয়া ক্ৰিকেটাৰসকলৰ মাজৰ এজন আছিল, যিসকলে ৰাজ্যখনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘৰুৱা ক্ৰিকেটত চিনাক্ত কৰিছে। ২০১৮-১৯ বৰ্ষৰ ৰঞ্জী ট্ৰফী ছিজনত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ দৰে এজন অভিজ্ঞ খেলুৱৈৰ এনে কৰুণ মৃত্যুৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া মহলত শোকৰ ছাঁ পেলাইছে।
