অসম বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান! শোকস্তব্ধ সমগ্ৰ ৰাজনৈতিক মহল

অসমত ভাৰতীয় জনতা পাৰ্টিৰ আধাৰশিলা স্থাপন কৰা এগৰাকী দূৰদৰ্শী তথা জ্যেষ্ঠ ৰাজনীতিবিদৰ বিয়োগে ৰাজ্যখনৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই বুধবাৰে বিয়লি ৫ বজাত শিলচৰ মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে। ৯৫ বছৰীয়া প্ৰবীণ নেতাগৰাকীৰ মৃত্যুৰ খবৰে ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে বিজেপিৰ এই উল্লেখনীয় স্তম্ভগৰাকীৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰে।

১৯৩১ চনত জন্মগ্ৰহণ কৰা পুৰকায়স্থই এজন সাধাৰণ শ্ৰমিক হিচাপে জীৱন যুদ্ধ আৰম্ভ কৰিছিল। নিজৰ কষ্টৰ বলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা পুৰকায়স্থই ১৯৯১ চনত শিলচৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয়। ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈ তেওঁ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ কেন্দ্ৰীয় যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে গুৰু দায়িত্ব পালন কৰে। বৰাক উপত্যকাৰ লগতে সমগ্ৰ অসমত বিজেপিৰ ভেঁটি শক্তিশালী কৰাত তেওঁৰ অৱদান অনন্য। শেহতীয়াকৈ ২০২৪ চনত তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰীৰে বিভূষিত কৰা হৈছিল।

ইফালে, জ্যেষ্ঠ নেতাগৰাকীৰ বিয়োগৰ সন্মানত অসম বিজেপিয়ে ৮ জানুৱাৰীৰ সকলো দলীয় কাৰ্যসূচী বাতিল কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আহ্বান মৰ্মে দলীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৰকায়স্থক এগৰাকী ‘দয়ালু নেতা’ আৰু ‘জাতীয়তাবাদী মতাদৰ্শৰ পথপ্ৰদৰ্শক’ আখ্যা দি তেওঁৰ বিদেহ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰী মোদীয়েও টুইটযোগে প্ৰবীণ নেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *