গাড়ী এতিয়া প্ৰয়োজন নহয়, বৰঞ্চ ষ্টেটাছ চিম্বল হৈ পৰিছেঃ প্ৰদূষণক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ

বিলাসী জীৱনশৈলী আৰু ক্ৰমান্বয়ে বৃদ্ধি পোৱা যান্ত্ৰিকতাই আধুনিক সমাজৰ বাবে কেনেধৰণৰ পৰিৱেশগত সংকট কঢ়িয়াই আনিছে, সেই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়াইছে দেশৰ শীৰ্ষ আদালতে। দিল্লী আৰু এন চি আৰ অঞ্চলৰ বায়ু প্ৰদূষণ সংক্ৰান্তীয় এক শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই মন্তব্য কৰে যে বৰ্তমানৰ সময়ত গাড়ীখন প্ৰয়োজনতকৈ অধিক এটা সামাজিক মৰ্যাদাৰ প্ৰতীক বা ষ্টেটাছ চিম্বলহে হৈ পৰিছে। মানুহে এতিয়া চাইকেলৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে এৰি দি কেৱল এখন বিলাসী গাড়ী কিনিবলৈহে টকা সাঁচিবলৈ লৈছে বুলি আদালতে আক্ষেপ প্ৰকাশ কৰে।

এজন অধিবক্তাই আদালতত দাখিল কৰা যুক্তি অনুসৰি, একেটা পৰিয়ালতে একাধিক গাড়ী থকাটোৱেই প্ৰদূষণ বৃদ্ধিৰ এটা অন্যতম প্ৰধান কাৰণ হৈ পৰিছে। ইয়াৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশে কয় যে পূৰ্বে মানুহে চাইকেলেৰে যাতায়াত কৰিছিল, কিন্তু এতিয়া সেই সুস্থ পৰম্পৰা সম্পূৰ্ণ সলনি হৈছে। এয়াৰ কোৱালিটি মেনেজমেণ্টৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়েও সহমত পোষণ কৰি জনায় যে বহু উচ্চবিত্ত পৰিয়ালত এখনৰ পৰিবৰ্তে দুখন বা ততোধিক গাড়ী আছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্তই লগতে ধনী লোকসকলক অধিক ইন্ধন খৰচ হোৱা গাড়ীৰ মোহ ত্যাগ কৰি উন্নত মানৰ বৈদ্যুতিক বাহন আঁকোৱালি ল’বলৈ আহ্বান জনায়।

বায়ু প্ৰদূষণৰ এই জটিল সমস্যাটো স্থায়ীভাৱে সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক এক শক্তিশালী দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈও উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৭ ডিচেম্বৰত দিয়া এক আদেশত আদালতে যান-জঁট আৰু ধোঁৱা হ্ৰাস কৰাৰ স্বাৰ্থত দিল্লী সীমান্তৰ ৯টা টোল প্লাজা সাময়িকভাৱে বন্ধ কৰিবলৈ অথবা আন স্থানলৈ আঁতৰাই নিবলৈ কৈছিল। প্ৰতি বছৰে শীতকালত দিল্লীত সৃষ্টি হোৱা এই অসহ্যকৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে জনসাধাৰণে নিজৰ অভ্যাস সলনি কৰাৰ লগতে চৰকাৰেও নীতিগত সংস্কাৰ সাধন কৰাটো জৰুৰী বুলি আদালতে স্পষ্ট কৰি দিয়ে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *