চুবুৰীয়া দেশ বাংলাদেশৰ সাম্প্ৰতিক অস্থিৰ পৰিস্থিতিক লৈ মঙলবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চুবুৰীয়া দেশখনত চলি থকা এই পৰিস্থিতিৰ প্ৰভাৱ আগন্তুক দিনত অসমতো পৰিব পাৰে বুলি তেওঁ সকীয়াই দিয়ে। এক চৰকাৰী অনুষ্ঠানৰ মাজতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধি পোৱাটো অতি চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ কৰে যে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতন দিনক দিনে বাঢ়ি গৈছে, যাৰ ফলত সীমান্তৰ সিপাৰে এক ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশে বিৰাজ কৰিছে। তেওঁ কয়, “বাংলাদেশত যি ঘটিছে সেয়া আমাৰ বাবে চিন্তাৰ কাৰণ। হিন্দু সমাজৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে। আমি অতি সতৰ্ক হৈ পৰিস্থিতি নিৰীক্ষণ কৰিব লাগিব আৰু বাংলাদেশৰ হিন্দু সমাজক সাহস দিব লাগিব।” ২০২২ চনৰ পিয়ল অনুসৰি বাংলাদেশত প্ৰায় ১.৩১ কোটি হিন্দু লোক আছে, যিটো মুঠ জনসংখ্যাৰ প্ৰায় ৮ শতাংশ।
বাংলাদেশৰ প্ৰসংগৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু জেহাদী কাৰ্যকলাপক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে যোৱা ১০ বছৰত ৰাজ্যখনত জেহাদীৰ উপস্থিতিৰ বহু প্ৰমাণ পোৱা গৈছে। বৰ্তমানো বহু জেহাদী উপাদান ‘শ্লীপাৰ চেল’ হিচাপে আত্মগোপন কৰি থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি তেওঁ উল্লেখ কৰে।
ভৌগোলিক আৰু ভূ-ৰাজনৈতিক কাৰণত অসমৰ নিৰাপত্তা ব্যৱস্থা সদায় স্পৰ্শকাতৰ বুলি উল্লেখ কৰি তেওঁ কঠোৰ নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহত বাংলাদেশৰ মৌলবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰু ত্ৰিপুৰাৰ পৰা ১১ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
